ETV Bharat / state

বিটিচি নিৰ্বাচনত বিপিএফে ২৬ খন আসন লাভ কৰিবঃ বিপিএফ - 26 নং দৰঙাজুলি পৰিষদীয়

ক'ভিড-19 ৰ সন্ত্ৰাসৰ বাবে বাতিল হোৱা বিটিচি নিৰ্বাচনক লৈ পুনৰ টঙালি বান্ধিছে বিটিচিৰ ৰাজনৈতিক দলসমূহে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে ২৬ খনৰো অধিক আসন লাভ কৰি পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পৰিষদ গঠন কৰাটো নিশ্চিত বুলি মন্তব্য কৰিছে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে ।

BPF Joining Meeting at Baksa
বিটিচি নিৰ্বাচনত বিপিএফয়ে ২৬ খন আসন লাভ কৰিবঃ বিপিএফ
author img

By

Published : Jul 19, 2020, 4:53 PM IST

বাক্সা, 19 জুলাই : ক'ভিড-19 ৰ সন্ত্ৰাসৰ বাবে বাতিল হোৱা বিটিচি নিৰ্বাচনক লৈ পুনৰ টঙালি বান্ধিছে বিটিচিৰ ৰাজনৈতিক দল সমূহে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে ২৬ খনৰো অধিক আসন লাভ কৰি পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি পৰিষদ গঠন কৰাটো নিশ্চিত বুলি মন্তব্য প্ৰদান কৰিছে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে । ইয়াৰ উপৰিও, উক্ত সভাতে দুমুখীয়া স্থিতি গ্ৰহণ কৰা তথা দলত থাকিয়ে দলৰ বিৰোধীতা কৰা স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীকো তুলাধনা দিয়ে সভাপতি গৰাকীয়ে ৷ তামুলপুৰৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ এক যোগদান সমাৰোহত এই মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে ।

আনহাতে, বিপিএফৰ ৰংজাৰ খংগুৰ বসুমতাৰীৰ সভাপতিত্বত যোগদান সভাত বিজেপি আৰু ইউপিপিএল দলৰ পৰা বহু সংখ্যক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাবে দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বিপিএফ দলত ৷ নিজৰ নিজৰ দলৰ নেতৃত্বৰ প্ৰতি বিৰোধ প্ৰকাশ কৰি বিপিএফ দলৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ বিপিএফত যোগদান কৰাৰ কথা সদৰি কৰে বিপিএফত যোগদান কৰা সদস্যসকলে ।

বিটিচি নিৰ্বাচনত বিপিএফয়ে ২৬ খন আসন লাভ কৰিবঃ বিপিএফ

উল্লেখযোগ্য যে, যোগদান অনুষ্ঠানত ২6 নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী, ৰংজাৰ খংগুৰ বসুমতাৰী, কেশৱ ৰাজবংশী, ৰিংগছাৰ বড়োৰ লগতে বিপিএফৰ ভালে কেইজন নেতা কৰ্মীৰ উপস্থিতিত বহু সংখ্যক লোকে বিপিএফ দলত যোগদান কৰে ।

লগতে পঢ়ক : উত্তৰ অভায়াপুৰীত বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.