ETV Bharat / state

বৰমাত ১৯ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন

author img

By

Published : Feb 10, 2021, 10:44 PM IST

বুধবাৰে ১৯ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰে বিপিএফে । বাক্সা জিলাৰ বৰমা ন-মাটি মৌজা হাইস্কুল খেলপথাৰত বড়োলেণ্ড দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে বৰ্তমানৰ বিটিচি চৰকাৰক কটাক্ষ কৰি কয় যে, প্ৰমোদ বড়োৱে নামতহে শাসন কৰিছে, প্ৰকৃততে বিটিচিৰ শাসনকাৰ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে চলে ।

বৰমাত ১৯ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন বিপিএফৰ

বাক্সা, ১০ ফেব্ৰুৱাৰী: বৰমাত বুধবাৰে ১৯ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰে বিপিএফ দলে । ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, সশস্ত্ৰ সংগ্ৰাম কৰা বিএলটি আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা বিটিচি চুক্তিয়ে ১৯টা বৰ্ষ অতিক্ৰম কৰিলে ৷ বুধবাৰে বাক্সা জিলাৰ বৰমা ন-মাটি মৌজা হাইস্কুল খেলপথাৰত বিপিএফ দলে বিটিচি চুক্তিৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে ৷

এই অনুষ্ঠানত ভাষণৰ প্ৰসংগত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, 'বিটিআৰ চুক্তি এনডিএফবিৰ লগতহে হ'ব লাগিছিল । কিন্তু প্ৰমোদ বড়ো বাহিনীয়ে এই সকলো কামত বিঘিনি আনিছে ৷ তেওঁ লগতে কয় যে, বিটিচিত এতিয়া প্ৰমোদ বড়োৱে নামতহে শাসন কৰিছে, প্ৰকৃততে বিটিচিৰ শাসনকাৰ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে চলে ।' বিটিচিত এতিয়া বিজেপিয়েহে চৰকাৰ চলাই আছে বুলি সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে প্ৰমোদ বড়োৱে কেৱল কমলা বিতৰণ কৰিব জানে, তাৰ বাহিৰে একো কৰিব নোৱাৰে বুলিও হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰে । আনহাতে, বিটিচি চুক্তিৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই, বডোফা উপেন ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ সাক্ষী তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে ৷

মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে ৷ সভাত উপস্থিত থাকে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্মৰ লগতে বিভিন্ন দল-সংগঠনৰ সভাপতি, সম্পাদকসকলৰ লগতে বিপিএফ দলৰ নৱ নিৰ্বাচিত সদস্যসকল ৷

লগতে পঢ়ক:স্পীয়েৰ কৰ্পছ জি অ' চিৰ দায়িত্বভাৰ গ্ৰহণ লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.