বাক্সা, ২৩ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি সপ্তাহ । ইতিমধ্যেই ঠায়ে-ঠায়ে মনোনয়ন দাখিল আৰম্ভ হৈ গৈছে । প্ৰাৰ্থীত্ব প্ৰদানৰ কামো আৰম্ভ হৈ গৈছে ৰাজনৈতিক দলসমূহৰ মাজত । প্ৰাৰ্থীত্ব প্ৰদানৰ বাবেই শনিবাৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থাই । ৰাজ্যখনৰ ২৫ লক্ষ গোৰ্খা জনগোষ্ঠীক বঞ্চনা কৰাৰ বাবে জাঙোৰ খাই উঠে গোৰ্খা ছাত্ৰ সন্থা ।
উল্লেখযোগ্য যে গোৰ্খা জনগোষ্ঠীৰ একমাত্ৰ প্ৰতিনিধি আৰ পি শৰ্মাক বঞ্চনা কৰি বিজেপি দলে পল্লৱলোচন দাসক তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা বাবে ক্ষোভিত হৈ পৰে গোৰ্খা ছাত্ৰ সন্থা । যাৰ বাবে গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী,ৰাজ্যিক বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় সভাপতিৰ প্ৰতিমুৰ্তী দাহ কৰে ।