বাক্সা, 1 মাৰ্চ: সোমবাৰে চূড়ান্ত হ'ব বিপিএফ আৰু বিজেপিৰ মাজৰ মিত্ৰতা ৷ দুদিন পূৰ্বে বিপিএফ দলৰ সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰীয়ে ৰাজ্যসভালৈ বিশ্বজিত দৈমাৰীকেই পুনৰ বিপিএফ দলৰ পৰা প্ৰক্ষেপ কৰা হ’ব বুলি কোৱা কথাৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত দৈমাৰীয়ে কয়, বিপিএফ দলে পুনৰ প্ৰক্ষেপ কৰিলে তেওঁ ৰাজ্যসভালৈ যোৱাত কোনো আপত্তি নাই । তামুলপুৰত এইদৰে মন্তব্য কৰে সাংসদগৰাকীয়ে ।
ইপিনে প্ৰমোদ বড়োই বিটিএডিত বিপিএফ চৰকাৰে বহু কোটি টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে, যদিহে বিটিএডিত দুৰ্নীতি হ’লহেতেন তেনেহলে আইনী প্ৰক্ৰিয়াত ধৰা পৰিলহেতেন । কেগৰ প্ৰতিবেদনে দুৰ্নীতিৰ ক্ষেত্ৰত কোনো ব্যক্তিক দোষী হিচাপে সাব্যস্ত নকৰিলে । 2003 চনত বিটিচি চুক্তি হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন হৈছে । বিটিচি গঠন হোৱাৰ পিছত সমগ্ৰ বিটিচি অঞ্চলত শিক্ষা, স্বাস্থ্য, যাতায়ত, খোৱাপানী, কৃষি ক্ষেত্ৰ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়ন সাধন হৈছে । এই উন্নয়নৰ ফলভোগ কৰিছে বিটিএডিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকে ৷
বিটিচি চুক্তিৰ ফলস্বৰূপে বিটিচি অঞ্চলত চিকিৎসা মহাবিদ্যালয়, কেন্দ্ৰীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, ডিন ইউনিভাৰ্চিটি আদি স্থাপন হৈছে । এনে উন্নয়নৰ বাবেই পুনৰবাৰ ৰাইজে বিপিএফ দলকেই নিৰ্বাচিত কৰিব আৰু বিপিএফ দলৰ নেতৃত্বত আৰু মিত্ৰজোঁটৰ সহযোগত বিপিএফ দলেই বিটিচি পৰিষদ গঠন কৰিব ।
প্ৰমোদ বড়ো ইউপিপিএলত যোগদান কৰাক লৈ বিপিএফ দলে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয় বুলিও দৈমাৰীয়ে মন্তব্য কৰি এবছুৰ সভাপতি হৈ থাকোতেও প্ৰমোদ বড়োই ইউপিপিএলৰ হৈ কাম কৰি আছিল আৰু এতিয়া ছাত্ৰ সংগঠনৰ ক্ষেত্ৰখন এৰি আগৰ সেই ইউপিপিএল দলতে যোগদান কৰিছে । সেয়েহে বিপিএফ দলে প্ৰমোদ বড়োক প্ৰত্যাহ্বান বুলি নাভাবে বুলি উল্লেখ কৰে ।