ETV Bharat / state

বিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল - দৰঙাজুলী পৰিষদীয় সমষ্টিৰ বিটিচিৰ কাৰ্যবাহী সদস্য

সোমবাৰে বাক্সাৰ তামুলপুৰত মহকুমাধিপতিৰ কাৰ্যালয়ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷

Bijit Gwra Narzary Nomination file
বিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল
author img

By

Published : Mar 16, 2020, 7:56 PM IST

বাক্সা,16 মাৰ্চঃ বিটিচিৰ দুৰ্গখ্যাত ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে সোমবাৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ সময়ছোৱাত বিজিৎ গৌৰা নাৰ্জাৰীক সংগ দিয়ে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী আৰু আঠ সহস্ৰাধিক সমৰ্থকে ।

বিজিৎ গৌৰা নাৰ্জাৰীয়ে কয় যে ,"এইবাৰ নিৰ্বাচনত পুনৰবাৰ ৰাইজে জয় যুক্ত কৰিব বুলি তেওঁ আশাবাদী আৰু ২৬ নং দৰঙাজুলীত সমষ্টিত তেওঁৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ কোনো বিছাৰি পোৱা নাই । "লগতে সমষ্টিটোত ২৫ ৰ পৰা ৩০ হাজাৰ ভোটাৰ লাভ কৰিব বুলি জনোৱাৰ লগতে কয় , কৰ'ণা ভাইৰাছৰ কাৰণে বিটিচি নিৰ্বাচন পিচুৱাব বুলি কোনো কথা নাই কাৰণ তাৰ বাবে ৰাজ্য চৰকাৰে সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল

উল্লেখ্য যে,মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজিৎ গৌৰা নাৰ্জাৰীৰ লগত উপস্থিত থাকি স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কয় যে, "নতুন কথা নহয় প্ৰতিটো নিৰ্বাচনতে বিপিএফে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছো । তিনিটা নিৰ্বাচন আমি পাৰ কৰিছোঁ এইবাৰ চতুৰ্থ বাৰ নিৰ্বাচন, আগৰ নিৰ্বাচন কেইটা বেলেগ আছিল। আগতে অবড়োৰ ঢৌ আছিল এইবাৰ কোনো ধৰণৰ বৰ্হি প্ৰকাশ হোৱা নাই । গতিকে আমাৰ ৰাইজৰ ওচৰত যাবলৈ কোনো অসুবিধা নাই নিচ্ছিত ভাবে বিপিএফ দলে পুনৰ বাৰ বিটিচিত চৰকাৰ গঠন কৰিব ৷"

লগতে পঢ়কঃকৰ'নাৰ পৰা কেনেকৈ সুৰক্ষিত ৰাখিব শিশুক: শিশু ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.