ETV Bharat / state

তামুলপুৰৰ বাল্টি নৈত পুতি থোৱা অৱস্থাত উদ্ধাৰ চুৰি বুলেট - Tamulpur news

তামুলপুৰত সম্প্ৰতি বৃদ্ধি পাইছে বাইক চোৰৰ দৌৰাত্ম্য ৷ অঞ্চলটোৰ বাল্টি নৈত কিছুদিন পূৰ্বে চুৰি হোৱা এখন ৰয়েল এনফিল্ড বাইক পুতি থোৱা অৱস্থাত উদ্ধাৰ ৷

তামুলপুৰৰ বাল্টি নৈত পুতি থোৱা অৱস্থাত উদ্ধাৰ চুৰি বুলেট
author img

By

Published : Sep 24, 2019, 8:44 AM IST

তামুলপুৰ, 24 ছেপ্টেম্বৰঃ তামুলপুৰত সম্প্ৰতি বাইক চোৰৰ গতি-বিধি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যোৱা ২১ ছেপ্টেম্বৰত মহকুমাটোৰ অন্তৰ্গত আনন্দবজাৰ গাঁৱৰ প্ৰণৱজ্যোতি মেধি নামৰ যুৱকজনৰ AS-01DF-0433 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখন নিজ গৃহৰ পৰা চুৰি হৈছিল । বাইক খন চুৰি হোৱাৰ সন্দৰ্ভত যুৱকজনে তামুলপুৰ থানাত এখন এজাহাৰও দাখিল কৰিছিল । ইফালে সোমবাৰে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ২নং বগৰিখুটি গাঁৱত বাল্টি নদীত পুতি থোৱা অৱস্থাত এখন বাইক স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰি নাগ্ৰীজুলী আৰক্ষী চকীত খবৰ দিয়ে । নাগ্ৰীজুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বাল্টি নৈৰ বুকুৰ পৰা বাইকখন উদ্ধাৰ কৰে ৷ বাইকখনৰ গৰাকীৰ দ্বাৰা পূৰ্বে দাখিল কৰা এজাহাৰৰ ভিত্তিত নাগ্ৰীজুলী আৰক্ষীয়ে প্ৰণৱজ্যোতি মেধিক বাইক এখন উদ্ধাৰ হোৱা বুলি খবৰ দিয়াত যুৱকজন থানালৈ আহি বাইকখনৰ চিনাক্ত কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত নাগ্ৰীজুলী আৰক্ষীয়ে নিজাববীয়াকৈ অনুসন্ধান অব্যাহত ৰাখিছে ।

Intro:তামুলপুৰৰ বাল্টি নৈত পুতি থোৱা ৰয়েল এনফিল বাইক উদ্ধাৰ।Body:তামুলপুৰ।
২৩/৯/১৯।
তামুলপুৰত সম্প্ৰতি বাইক চুৰৰ দৌৰাত্ম বৃদ্ধি পাইছে।বিগত তিনিমাহত এই অঞ্চলটোত বহুকেইখন বাইক চুৰি হৈছে।বহু বাইক চুৰি হোৱা কেছ আৰক্ষী থানা আৰু আৰক্ষী চকীত ৰুজো হৈছে।যোৱা২১ চেপ্তেম্বৰত মহকুমাটোৰ অন্তৰ্গত আনন্দবজাৰ গাৱৰ প্ৰনৱজ্যোতি মেধি নামৰ যুৱক জনৰ AS_01_DF_0433 নম্বৰৰ ৰয়েল এনফিল বাইক খন নিজ গৃহৰ পৰা চুৰি হৈছিল।বাইক খন চুৰি হোৱাৰ সন্দৰ্ভত প্ৰনৱজ্যোতি মেধি য়ে তামুলপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল।ইফালে আজি তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ২ নং বগৰিখুটি গাৱত বাল্টি নদীত পুতি থোৱা অৱস্থা ত এখন বাইক স্থানীয় নৰেশ বিশ্বাস নামৰ লোক গৰাকীয়ে প্ৰত্যক্ষ কৰি নাগ্ৰীজুলী আৰক্ষী চকীত খৱৰ দিয়ে।খৱৰ পায়ে নাগ্ৰীজুলী আৰক্ষী চকীৰ ভাৰপ্ৰপ্ত বিষয়া ৰঞ্জন দাসৰ নেতৃত্ব এটি দল গৈ বাল্টি নৈৰ বুকুৰ পৰা বাইক খন উদ্ধাৰ কৰি নাগ্ৰীজুলী থানালৈ লৈ আহে।যোৱাকালি ৰ এজাহাৰ ৰ ভিত্তিত আজি নাগ্ৰীজুলী আৰক্ষীয়ে প্ৰনৱজ্যোতি মেধিক বাইক এখন পোৱা বুলি খৱৰ দিয়াত তেও থানালৈ আহি বাইক খন তেওৰে হয় বুলি চিনাক্ত কৰে।।এই সন্দৰ্ভত নাগ্ৰীজুলী আৰক্ষীয়ে নিজা ববিয়াকৈ অনুসন্ধান অৱ্যহত ৰাখিছে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.