ETV Bharat / state

বাক্সাত কুডুষ (উৰাং) সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন - বাক্সাত ১ নং কুডুষ (উৰাং) সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

প্ৰতিষ্ঠা দিৱস উপলক্ষে কুমাৰীকাটাৰ আঞ্চলিক কুডুষ (উৰাং) সাহিত্য সভাৰ উপদেষ্টা ক্লেমেন্ট খালখোৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সভা । সভাত মুখ্য অতিথি ৰূপে কেন্দ্ৰীয় সমিতিৰ যুটিয়া সম্পাদক ডেভিদ বাৰা উপস্থিত থাকি কয় যে, আদিবাসী উৰা‌ং সকলক ভাষা আৰু সংস্কৃতি ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ।

baksha kuruk oraon sahitya sabha establishment day celebration
বাক্সাত ১ নং কুডুষ (উৰাং) সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Sep 26, 2020, 6:24 PM IST

বাক্সা, 26 ছেপ্তেম্বৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ১ নং জামুগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত শনিবাৰে কুমাৰীকাটা আঞ্চলিক কুডুষ সাহিত্য সভাৰ উদ্যোগত আদিবাসী কুডুষ (উৰাং) সাহিত্য সভাৰ ১৭ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । ২০০৩ চনৰ আজিৰ দিনটোতে অসম কুডুষ(উৰাং ) সাহিত্য সভাই জন্ম লাভ কৰিছিল । সেই অনুসৰি আজিৰ দিনটোত কুডুষ (উৰাং) আদিবাসী জনগোষ্ঠীটোৱে সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰে ।

লগতে পঢ়কঃ প্ৰশ্নকাকত কেলেংকাৰীঃ সাঙোৰ খাইছে অগপৰ যুৱ নেতাৰ নাম !

প্ৰতিষ্ঠা দিৱস উপলক্ষে কুমাৰীকাটাৰ আঞ্চলিক কুডুষ (উৰাং) সাহিত্য সভাৰ উপদেষ্টা ক্লেমেন্ট খালখোৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সভা । সভাত মুখ্য অতিথি ৰূপে কেন্দ্ৰীয় সমিতিৰ যুটিয়া সম্পাদক ডেভিদ বাৰা উপস্থিত থাকি কয় যে, আদিবাসী উৰা‌ং সকলক ভাষা আৰু সংস্কৃতি ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় । লগতে তেওঁ কয় যে, বড়ো জনগোষ্ঠীৰ লোক সকলো আদিবাসী সম্প্ৰদায়ৰ আৰু তেওঁলোক ভাষা সংস্কৃতিৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । ঠিক তেনেদৰে আদিবাসী উৰাং সকলকো ভাষা সংস্কৃতিক অগ্ৰাধিকাৰ দি নিজৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায় ।

বাক্সাত ১ নং কুডুষ (উৰাং) সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন
সভাত অতিথি ৰূপে উপস্থিত থাকে বাক্সা জিলাৰ কুডুষ সাহিত্য সভাৰ সম্পাদক বিষ্ণু তিৰ্কী, কেন্দ্ৰীয় কুডুষ ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰভাদ টপ্পেৰ উপৰিও আদিবাসী ছাত্র সন্থাৰ নেতা সকলৰ লগতে কুডুষ (উৰাং) জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তৰ একাংশ লোক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.