ETV Bharat / state

বাক্সাত গুৰ প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰা এটি পৰিয়াল - Kauli gud making buisness

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তবৰ্তী কাউলীৰ নাৰায়ণপুৰৰ গাঁৱত আজিও প্ৰস্তুত কৰা হয় গুৰ ৷ অঞ্চলটোৰ ৰাজকুমাৰ বিশ্বাস নামৰ লোকজনে নিজেই কুঁহিয়াৰ খেতি কৰি তাৰ পৰা গুৰ প্ৰস্তুত কৰি পৰিয়াল পোহপাল দি আহিছে ৷

Baksha Gud making buisness
বক্সাত গুৰ প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰা এটি পৰিয়াল
author img

By

Published : Jan 12, 2020, 2:19 PM IST

বাক্সা, 12 জানুৱাৰীঃ বংশানুক্ৰমে চলি অহা কুঁহিয়াৰৰ পৰা প্ৰস্তুত কৰা গুৰৰ ব্যৱসায় ক্ৰমাৎ বন্ধ হ’বলৈ ধৰিছে ৷ এটা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ মানুহে ঘৰে ঘৰে কুঁহিয়াৰৰ খেতি কৰিছিল আৰু কুঁহিয়াৰ পেৰী তাৰ পৰা গুৰ প্ৰস্তুত কৰি পৰিয়াল পোহপাল দিছিল ৷ বৰ্তমান সময়ত বাৰিষাৰ সময়ছোৱাত বানপানীৰ সমস্যাৰ লগতে প্ৰতিদিনে বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত কুঁহিয়াৰৰ খেতি প্ৰায় নাইকীয়া হৈ পৰিল ৷ কিন্তু বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তবৰ্তী কাউলীৰ নাৰায়ণপুৰৰ গাঁৱত আজিও প্ৰস্তুত কৰা হয় গুৰ ৷ অঞ্চলটোৰ ৰাজকুমাৰ বিশ্বাস নামৰ লোকজনে নিজেই কুঁহিয়াৰ খেতি কৰি তাৰ পৰা গুৰ প্ৰস্তুত কৰি পৰিয়াল পোহপাল দি আহিছে ৷

গুৰ প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰা এটি পৰিয়াল

উল্লেখ্য যে, পূৰ্বতে এই অঞ্চলটোত প্ৰতিটো পৰিয়ালেই এই ব্যৱসায়ত জড়িত আছিল ৷ কিন্তু সঘনাই হোৱা বন্যহস্তীৰ উপদ্ৰৱৰ বাবেই অঞ্চলটোৰ লোকসকলে এই খেতি এৰিবলৈ বাধ্য হৈ পৰে ৷ ফলত এতিয়া কাউলীৰ নাৰায়ণপুৰ গাওঁত ৰাজকুমাৰ বিশ্বাস পৰিয়াল আৰু বীৰেন্দ্ৰ দাসৰ পৰিয়ালহে কুহিয়াৰৰ পৰা গুৰ প্ৰস্তুত কৰি মাঘ বিহু আৰু বহাগ বিহুত বজাৰ বিক্ৰী কৰে । ব্যৱসায়ীসকলে গুৰ দুই প্ৰকাৰৰ প্ৰস্তুত কৰে জুলীয়া আৰু গোটা । দুইবিধ গুৰে প্ৰতি কিলোত ৬০ টকাকৈ বজাৰত বিক্ৰী কৰে বুলি জানিব দিয়ে ৰাজকুমাৰ বিশ্বাসে ৷

লগতে পঢ়ক-ভোগালী বিহুত দৈৰ সোৱাদ বিলাবলৈ সাজু দুগ্ধ নগৰী সৰভোগ আৰু আমগুৰি

Intro:বংশানুক্ৰমে চলি অহা কুহিয়াৰৰে প্ৰস্তুত কৰা গুৰৰ ব্যৱসায় ক্ৰমাৎ বন্ধ হবলৈ ধৰিছে ।

Body:এটা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ মানুহে কুহিয়াৰৰ খেতি ঘৰে ঘৰে কৰিছিল আৰু কুহিয়াৰৰ পেৰী তাৰ পৰা গুৰ প্ৰস্তুত কৰি নিজৰ পৰিয়াল পোহপাল দিছিল । সেই সমূহ গুৰ মাঘ বিহু বহাগ বিহুৰ আৰু বিভিন্ন উৎসৱ পাৰ্বনৰ পূৰ্বে বজাৰলৈ মুকলি কৰি দিয়া হৈছিল । কিন্তু বৰ্তমান অসমত বাৰিষাৰ সময়চোৱাত বানপানীৰ প্ৰৱল সমস্যাই আৰু প্ৰতিদিনে বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলৈ প্ৰৱেশ কৰি মানুহৰ ঘৰ বাৰী,খেতি পথাৰ তহিলং কৰাৰ ফলত এতিয়া মানুহে কুহিয়াৰৰ খেতি কৰিবলৈ প্ৰায়ে এৰিলে । এই দৃশ্য হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তবৰ্তী কাউলীৰ নাৰায়ণপুৰৰ গাঁৱৰ । যত ৰাজকুমাৰ বিশ্বাসে পিতৃৰ দিনৰে পৰা পোৱা এই ব্যৱসায়টো নিজেই কুহিয়াৰৰ খেতি কৰি আৰু তাৰ পৰা গুৰ প্ৰস্তুত কৰি নিজৰ পৰিয়ালটো পোহপাল দি যাবলৈ সক্ষম হৈছে ।

Conclusion:জানিব পৰা মতে আগতে এই গাঁওখনত আগতে প্ৰতিটো পৰিয়ালে কুহিয়াৰৰ খেতি আৰু গুৰ প্ৰস্তুত কৰি এই ব্যৱসায়ৰে চলিছিল কিন্তু অঞ্চলটোত সঘনাই হোৱা বনৰীয়া হাতীৰ উপদ্ৰপৰ বাবে কুহিয়াৰৰ খেতি মানুহে এৰিলে বাধ্য হৈ পৰিল । ফলত এতিয়া কাউলীৰ নাৰায়ণপুৰ গাওঁত ৰাজকুমাৰ বিশ্বাস পৰিয়াল আৰু আন এটা হল বিৰেন্দ্ৰ দাসৰ পৰিয়ালহে কুহিয়াৰৰ পৰা গুৰ প্ৰস্তুত কৰি মাঘ বিহু আৰু বহাগ বিহুত বজাৰ বিক্ৰী কৰে । ব্যৱসায়িক সকলে গুৰ দুই প্ৰকাৰৰ প্ৰস্তুত কৰে জলীয়া আৰু গোটা । দুইবিধ গুৰে প্ৰতি কিলোত ৬০ টকাকৈ বজাৰত বিক্ৰী কৰে বুলি জানিব দিয়ে ৰাজকুমাৰ বিশ্বাস নামৰ লোক জনে । সমাগত মাঘৰ বিহুত অসমৰ প্ৰতি ঘৰ গুৰ পিঠা পোৱা যায়।

ভাষ্য : ৰাজকুমাৰ বিশ্বাস গুৰৰ ব্যৱসায়িক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.