বাক্সা,4 ডিচেম্বৰ: বাক্সা জিলাৰ তামুলপুৰত সন্ধানহীন এগৰাকী শিক্ষক। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাহকাটা গাঁৱৰ অম্বিকা দাস নামৰ শিক্ষকজন যোৱা ১৭ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে । বহু বিচাৰ খোচাৰ কৰিও সন্ধান লাভ কৰা নাই পৰিয়াল তথা আত্মীয় স্বজনে। উপায়ন্তৰ হৈ যোৱা ২০ নৱেম্বৰ তাৰিখে পৰিয়ালে কাষ চাপিছিল তামুলপুৰ আৰক্ষীৰ। বৰ্তমানলৈ আৰক্ষী তথা পৰিয়ালে কোনো সন্ধান লাভ কৰা নাই শিক্ষক গৰাকীৰ ।
ঘটনা অনুসৰি ২৮ বছৰীয়া অম্বিকা দাস নামৰ শিক্ষক গৰাকী ১৭ নৱেম্বৰ দেওবাৰে টংলাৰ নিজ মোমায়েকৰ ঘৰলৈ বুলি দিনৰ প্ৰায় ১০ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তেওঁ লগত মোবাইল ফোনতো নিয়া নাছিল। জানিব পৰা মতে শিক্ষক গৰাকীয়ে ম'বাইল ফোনৰ ব্যৱহাৰ কমকৈ কৰিছিল। সেয়েহে পৰিয়াল লোকে মোমায়েকৰ ঘৰতে থকা বুলি ধাৰণা কৰিছিল। কিন্তু নিয়মিতভাৱে বিদ্যালয়ত উপস্থিত হোৱা শিক্ষক গৰাকী যেতিয়া ১৮ নৱেম্বৰ সোমবাৰে ঘৰলৈ উভতি নাহিল তেতিয়া তেওঁৰ পত্নীয়ে মঙলবাৰৰ দিনটোত মোমায়েকক ফোন কৰাত মোমায়েকে অম্বিকা তেওঁলোকৰ ঘৰলৈ নোযোৱাৰ কথা জনায় ৷ প্ৰকৃত ঘটনাটো পোহৰলৈ অহাৰ পিছত পৰিয়ালৰ লোকে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসিৰ শিক্ষক অম্বিকা দাস যোৱা কিছুদিন ধৰি স্নায়ু ৰোগত ভুগি চিকিৎসাধীন হৈ আছিল।
শিক্ষক গৰাকীৰ সন্ধান নোপোৱাত তেওঁৰ পত্নী দুবছৰীয়া এটি সন্তান শোকত ভাগি পৰাৰ লগতে আত্মীয় স্বজন তথা বন্ধু মহল চিন্তিত হৈ পৰিছে । লগতে এই শিক্ষক গৰাকীৰ সন্ধান পালে ৭৮৯৬৪০৩৩৭৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়াল-স্বজনৰ।
লগতে পঢকঃ মাৰাত্মক ৰোগৰ কাৰক হ'ব পাৰে সৌন্দৰ্য প্ৰসাধনৰ ছুপাৰবেগে