ETV Bharat / state

বাক্সাত বনৰীয়া মেথোনৰ - 7 people injured in methon attack

বাক্সাত বনৰীয়া মেথোনৰ আক্ৰমণত প্ৰায় ৭ গৰাকী লোক আহত ৷ জানিব পৰা মতে ইয়াৰে দুগৰাকী লোকৰ অৱস্থা সংকটজনক । আহতলোক কেইগৰাকীক নাগ্ৰীজুলি আদর্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

বাক্সাত বনৰীয়া মেথোনৰ সন্ত্ৰাস
বাক্সাত বনৰীয়া মেথোনৰ সন্ত্ৰাস
author img

By

Published : Apr 17, 2021, 1:32 PM IST

বাক্সা, ১৭ এপ্ৰিল : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত বনৰীয়া গৰু(মেথোন)ৰ ত্ৰাস । ইয়াকে লৈ এতিয়া গাঁওখনত হুৱাদুৱা পৰিস্থিতি । শনিবাৰে পুৱা প্ৰায় 8 বজাত নাগ্ৰীজুলিৰ সাহপুৰ গাঁৱত দুটাকৈ মেথোনৰ প্ৰৱেশত সৃষ্টি হয় এই আতংকৰ ৷ কিছু সময়ৰ পাছত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও মেথোনৰ আক্ৰমণত প্ৰায় ৭ গৰাকীকৈ লোক আহত হয় । জানিব পৰা মতে ইয়াৰে দুগৰাকী লোকৰ অৱস্থা সংকটজনক ।

উল্লেখ্য যে, আহত আটাইকেইগৰাকী লোকক নাগ্ৰীজুলি আদর্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । স্থানীয় ৰাইজে জানিব দিয়া মতে কালচেনী গাঁৱৰ সমীন বায়ন আৰু সাহপুৰ গাঁৱৰ নুৰুল হুছেইন নামৰ দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় । স্থানীয় ৰাইজে জানিব দিয়া মতে এটা মেথোন এটি পৰিয়ালৰ গোহালিত আবদ্ধ হৈ আছে । মেথোনৰ আৱিৰ্ভাৱক লৈ নাগ্ৰীজুলিৰ সমগ্ৰ অঞ্চলটোতেই তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : চাৰিঙত আয়োজিত কণীযুঁজ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.