ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Nov 27, 2019, 1:35 PM IST

বাক্সাৰ কুমাৰীকাটাৰ কাউলীত নিশা বিভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱ ৷ মানুহৰ বহু বাসগৃহ ভঙাৰ লগতে নষ্ট কৰে বিঘাই বিঘাই শালি ধান খেতি ৷

Baksa kumarikata Wild elephant destroy home and paddy field
বাক্সাৰ কুমাৰীকাটাত বন্য হস্তীৰ তাণ্ডৱ

বাক্সা,27 নৱেম্বৰ: বাক্সাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ভাৰত ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ কালিপুৰ, কাউলী, নাৰায়ণপুৰ, চন্দ্ৰনগৰ, বিহংগপুৰ, নাগাপুৰ, বগাজুলি, তৰুণ গাওঁ, নাগ্ৰিজুলী, জয়পুৰ, বাল্টিপাৰ, কেম্পানীচক, ,হৰিনচাৰা আদি অঞ্চলত প্ৰতিনিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় মানুহৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে ৷ লগতে নষ্ট কৰি আহিছে বিঘাই বিঘাই শালি ধানৰ খেতি , পাচলিৰ খেতি । মঙলবাৰে নিশাও বৃহত্তৰ কাউলী অঞ্চলৰ নবীনগাঁও,নাৰায়ণপুৰ, চন্দন পুৰ, চন্দ্ৰনগৰ, কালাজাৰ, নাগাপুৰ, গাঁৱত প্ৰবেশ কৰি বহু কেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বহু বিঘা ধান খেতি খায় নষ্ট কৰে লগতে বাৰীৰ তামোল নাৰিকল,কলৰ বাগান ভাঙি তহিলং কৰে ৷ যাৰ ফলত অঞ্চলটোৰ কৃষকজীৱি ৰাইজ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, বিগত এমাহ ধৰি ধাৰাবাহিক ভাৱে অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীৰ বৃহৎ জাক এটাই ৷ বৰ্তমান বন-বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, বন বিভাগে নিজৰ কাম ভালদৰে কৰা হ'লে হাতীয়ে ইমান উপদ্ৰৱ কৰিব নোৱাৰিলে হয় ৷ মাথো বালি,শিল,কাঠৰ আদি ট্ৰাকসমূহৰ পৰা টকা সংগ্ৰহ কৰাতে ব্যস্ত থাকে বনবিভাগ ৷

বাক্সাৰ কুমাৰীকাটাত বন্য হস্তীৰ তাণ্ডৱ

ইপিনে মঙলবাৰে বিয়লি বগাজুলিৰ ঘন জংঘলৰ পৰা ওলাই অহা এটা জাকে বহু সময় ধৰি ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে । যাৰ বাবে তীব্ৰ যান-জঁটৰ ও সৃষ্টি হয় পথটোত ।

লগতে পঢ়ক:বিশ্বনাথত গ্ৰেপ্তাৰ 5 জনীয়া চোৰাং চিকাৰী দল

Intro:বাক্সাৰ কুমাৰীকাটাৰ কাউলীত নিশা বিভিন্ন প্ৰান্তত বন্য হস্তীৰ তাণ্ডৱ*
মানুহৰ বাসগৃহ ভাঙি,শালি  ধান খায় তহিলং ৷

Body:বাক্সাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধিনস্থ ভাৰত ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ৷ জিলা খনৰ তামুলপুৰ মহকুমাৰ কালিপুৰ,কাউলী,নাৰায়্ণপুৰ চন্দ্ৰনগৰ,বিহংগপুৰ,নাগাপুৰ,বগাজুলি, তৰুণ গাওঁ,নাগ্ৰিজুলী, জয়পুৰ,বাল্টিপাৰ, কেম্পানীচক, ,হৰিনচাৰা আদি অঞ্চলত প্ৰতিনিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় মানুহৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বিঘাই  বিঘাই শালি ধানৰ খেটি খাই নষ্ট কৰাৰ লগতে বাৰীৰ তামোল, পাচলিৰ খেতি নষ্ট কৰে আহিছে। যোৱা নিশাও বৃহত্তৰ কাউলী অঞ্চলৰ নবীনগাঁও,নাৰায়্ণপুৰ,চন্দন পুৰ, চন্দ্ৰনগৰ, কালাজাৰ, নাগাপুৰ, গাঁওত প্ৰবেশ কৰি বহু কেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বহু বিঘা ধান খেতি খায় নষ্ট কৰে লগতে বাৰীৰ তামোল নাৰিকল,কলৰ বাগান ভাঙি তহিলং কৰে ৷ বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে । আনহাতে জানিব পৰা মতে হাতীৰ জাকটোৱে পৰিয়াল সমূহৰ ঘৰৰ ভিতৰত থকা আচবাব আদিও ভাঙি পেলায় । যাৰ ফলত অঞ্চলটোৰ কৃষকজীৱি ৰাইজ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে বিগত এমাহ ধৰি বনৰীয়া হাতীৰ বৃহৎ জাক এটাই ধাৰাবাহীক ভাৱে অঞ্চলটোত প্ৰবেশ কৰি উপদ্ৰৱ চলাই মানুহ ঘৰ-দুৱাৰ, বাৰীৰ তামোল-নাৰিকল ভাঙি ,বিঘাই বিঘাই পকা ধান খায় তহিলং কৰে ৷
Conclusion:ইপিনে বন্য হস্তীৰ বৃহৎ জাকটোৱে ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হোৱা বুলি জানিব পৰা গৈছে। কালি আবেলিও বগাজুলিৰ ঘন জংঘলৰ পৰা ওলাই অহা এটা জাকে বহু সময় ধৰি ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে । যাৰ বাবে তীব্ৰ যান-জটৰ ও সৃষ্টি হয় পথটোত।

ভাষ্য :১/২/৩/ পিৰিত লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.