ETV Bharat / state

হৰি নামেৰে মুখৰিত হ'ল বাক্সাৰ আওহাটা - baksa

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আওহাটা হৰি মন্দিৰত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ধৰ্মানুষ্ঠান । পুৱাৰে পৰা ভক্ত প্ৰাণ ৰাইজে ভাগৱত ভ্ৰমণৰ লগতে ভাগৱত পাঠত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

baksa-harinam
হৰিৰ নামেৰে মূখৰিত হ'ল বাক্সাৰ আওহাটা
author img

By

Published : Jan 19, 2021, 8:33 PM IST

বাক্সা, ১৯ জানুৱাৰী : অসমীয়া সমাজত মাঘ মাহক পবিত্র মাহ হিচাপে গণ্য কৰি আহিছে । সেয়ে মাঘ মাহত মানৱ সমাজৰ মংগল কামনা কৰি কীৰ্তন ঘৰ অথবা মন্দিৰ সমূহত ধৰ্মানুষ্ঠান পাতি অহা পৰিলক্ষিত হৈ আহিছে । সেই পৰম্পৰা অনুসৰি মঙলবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আওহাটা হৰি মন্দিৰতো দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ধৰ্মানুষ্ঠান।

baksa-harinam
হৰিৰ নামেৰে মূখৰিত হ'ল বাক্সাৰ আওহাটা

কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে পুৱাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে ভাগৱত ভ্ৰমণৰ লগতে ভাগৱত পাঠৰ কাৰ্যসূচীত ভক্ত সকলৰ মন প্ৰাণ ভক্তিৰসেৰে আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় । ভক্তিৰসৰ ধ্বনিৰে আজিৰ আওহাটা হৰি মন্দিৰ এলেকা মূখৰিত হৈ পৰে । এই ধৰ্মানুষ্ঠানত অসমীয়া সমাজৰ লগতে নেপালী, আদিবাসী আদি জনগোষ্ঠীৰ লোক সকলে অনুষ্ঠানত ভাগ লৈ অনুষ্ঠানটো জীপাল কৰি তোলে ।

baksa-harinam
হৰিৰ নামেৰে মূখৰিত হ'ল বাক্সাৰ আওহাটা

উল্লেখ্য যে, বহু বছৰ পূৰ্বৰে পৰা আওহাটা গঞা ৰাইজে মানৱ সমাজৰ মংগল কামনা কৰি ধৰ্মানুষ্ঠানৰ এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পালন কৰি আহিছে ।
লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট ভাৰ্টিকেল ছাৰ্লি একলব্যৰ নেতৃত্বত ৰাফেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.