বাক্সা, 29 ডিচেম্বৰঃ বছৰটোৰ শেষৰটো ৰবিবাৰে বনভোজযাত্ৰীৰে উপচি পৰিছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁও ৷ অসমৰ বিভিন্ন জিলাৰ পৰা বছৰটোৰ অন্তিম ৰবিবাৰটো বিদায় দিবৰ বাবে দাৰাগাঁৱলৈ আহিছে বনভোজ যাত্ৰীসকল ৷ হিমালয়ৰ পৰা বৈ অহা শীতল নিৰ্মল পানীৰ স্পৰ্শত আনন্দত মতলীয়া হৈ পৰিছে বনভোজ যাত্ৰীসকল ৷
ইতিমধ্যে দাৰাগাৱৰ কমিটিয়ে জানিবলৈ দিয়া মতে বনভোজস্থলীত লোকসকলৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হৈছে ৷
আৰু পঢ়ক- নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিবঃ সৰ্বানন্দ সোণোৱাল