ETV Bharat / state

বাক্সাত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা ৰেলী - সজাগতা কাৰ্যসূচী

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম গয়বাৰী প্ৰাথমিক বিদ্যালয়ত পৰিচালনা সমিতিৰ সহযোগত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা ৰেলীৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ক'ভিড-১৯ সন্দৰ্ভত জনসাধৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈকে এই সজাগতা ৰেলী বাহিৰ কৰা হয় ৷

Covid 19 Really baksa
বাক্সাত সজাগতা ৰেলী
author img

By

Published : Nov 3, 2020, 9:55 PM IST

বাক্সা,3নৱেম্বৰ: মংগলবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম গয়বাৰী প্ৰাথমিক বিদ্যালয়ত পৰিচালনা সমিতিৰ সহযোগত ক'ভিড-১৯ সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী ৰেলীৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । 24 নং ৰঙিয়াস্থিত এছ এছ বিৰ কেম্পৰ কামাণ্ডেণ্ট ঋশিকেশ শৰ্মাৰ নিৰ্দেশ মৰ্মে গয়বাৰী কেম্পৰ সহযোগত পশ্চিম গয়বাৰী প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা এই সজাগতা ৰেলী বাহিৰ কৰা হয় ৷ সজাগতা ৰেলীত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী,অভিভাৱক,সাধাৰণ ৰাইজৰ লগতে এছ এছ বিৰ জোৱান সকলেও অংশগ্ৰহণ কৰে ।

Covid 19 Really baksa
বাক্সাত সজাগতা ৰেলী

উল্লেখ্য যে, এই সজাগতা সভাত আৰক্ষী বিষয়া গুণানন শৰ্মাই ক'ভিড-১৯ ৰ পৰা ৰক্ষা পাবৰ বাবে চাবোনেৰে হাত ধোৱা, মুখ ধোৱা, মাক্স ব্যৱহাৰ কৰা,গৰম পানী ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈকো আহ্বান জনাই ৷ ইয়াৰ লগতে, জ্বৰ-কাঁহ হলে ভয় নাখায় ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিলে বিষয়া গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: দহ লাখ টকাৰ ব্যয়ৰে মৰাণ বাণিজ্য মহাবিদ্যালয়ত গৃহ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.