ETV Bharat / state

বাক্সা জিলাত দিনযোৰা কাৰ্যসূচীৰে উদযাপন শিল্পী দিৱস - বাক্সা জিলাত দিনযোৰা কাৰ্যসূচীৰে উদযাপন শিল্পী দিৱস

আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে শিল্পী দিৱস ৷ সমান্তৰালকৈ বাক্সা জিলা সাহিত্য সভাৰ সক্ৰিয় শাখা বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

As_baksa_baksa-barimakha-regional-sahitya-sabha-silpi-diwas-celebration_vis_as10029
বাক্সা জিলাত দিনযোৰা কাৰ্যসূচীৰে উদযাপন শিল্পী দিৱস
author img

By

Published : Jan 17, 2021, 7:09 PM IST

বাক্সা,17 জানুৱাৰী : আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে শিল্পী দিৱস ৷ ৰাজ্যবাসীয়ে মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাতো দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিল্পী দিৱস ৷ বাক্সা জিলা সাহিত্য সভাৰ সক্ৰিয় শাখা বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ ইয়াৰ উপৰিও বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি মণিৰাম পাঠকৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয় । বৰিমাখা চৰকাৰী নিন্ম বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন বড়োই উদ্বোধন কৰা মুকলি সভাখনৰ আঁতধৰে বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক মনোহৰ ৰাজবংশীয়ে।

বাক্সা জিলাত দিনযোৰা কাৰ্যসূচীৰে উদযাপন শিল্পী দিৱস

আনহাতে, আনন্দপুৰ সভাৰাম হাইস্কুলৰ প্ৰধান শিক্ষক মণিৰাম তালুকদাৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্রহণ কৰা মুকলি সভাখনত বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন চন্দ্র দাসে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কয়, "জ্যোতিপ্রসাদ আগৰৱালাৰ শিল্পী মহত্বতাই এতিয়াও অসমীয়া সংস্কৃতিক উজ্বলাই ৰাখিছে। যাৰ সৃষ্টিত প্ৰথমখন অসমীয়া ছবিয়ে প্ৰাণ পাইছিল।" এই মুকলি সভা খনত আন কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ৷ ইয়াৰ উপৰিও জিলাখনৰ মহৰিপাৰা, জালাহ, বৰিমুখ, খাৰিজা বিজনী আদি স্থানতো বিভিন্ন দিনযোৰা শিল্পী দিৱস উদযাপন কৰা হয় ৷

লগতে পঢ়ক-যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.