বাক্সা , 26 এপ্ৰিল : ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত বসবাস কৰা ৰাভা জনগোষ্ঠীয় লোক সকল কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী । ৰাভা জনগোষ্ঠীটোৰ পৰম্পৰাগত বৈছাগ বিহু উপলক্ষে ৰাভা ছাত্ৰ সন্থাৰ জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰে ৷ শুকুৰবাৰে বাক্সা জিলাৰ দলংপাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত নিখিল ৰাভা ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু দলংপাৰ গাওঁ উন্নয়ন সমিতিৰ সহযোগত দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বৈছাগ বিহু ।
লগতে পঢ়ক : ৰিয়ান পৰাগৰ সফলতাত পিতৃৰ প্ৰতিক্ৰিয়া
উল্লেখ্য যে , বৈছাগ বিহুত উদযাপন থলীত ৰাভা বসতি অঞ্চলৰ বিভিন্ন নৃত্যৰ কৃষ্টি দলে অংশগ্ৰহণ কৰে । উক্ত বৈছাগ বিহুতলিত কৃষ্টি দল সমূহে বিভিন্ন ধৰণৰ ৰাভা জনগোষ্ঠীয় পৰম্পৰাগত মাছ মৰা, ঢেঁকীয়া শাক তোলা আদি বহুৰুঙী নৃত্য প্ৰদৰ্শন কৰে । আনহাতে আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে নিশাৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কন্ঠশিল্পীয়ে সংগীত পৰিবেশন কৰিব ।