ETV Bharat / state

মধ্যপ্ৰদেশৰ পেৰামেডিকেলত আবদ্ধ বাক্সাৰ 21 জনীয়া শ্ৰমিকৰ দল - ইন্দোৰত কৰ্মৰত বাক্সাৰ 21 জনীয়া শ্ৰমিকৰ দল

লকডাউনৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ ইন্দোৰত কৰ্মৰত বাক্সাৰ 21 জনীয়া শ্ৰমিকৰ দল এটাই চাইকেলেৰে নিজ গৃহ অভিমুখে ৰাওনা হোৱাৰ পিছতে আবদ্ধ হৈ পৰে ইন্দোৰৰ পেৰা মেডিকেল নামৰ চিকিৎসালয়খনত ৷ চৰকাৰীভাৱে নিজ বাসগৃহলৈ ওভতাই নিবলৈ অসম চৰকাৰলৈ অনুৰোধ জনায় শ্ৰমিকৰ দলটোৱে ৷

মধ্যপ্ৰদেশৰ পেৰামেডিকেলত আবদ্ধ বাক্সাৰ 21 জনীয়া শ্ৰমিকৰ দল

author img

By

Published : May 19, 2020, 4:28 PM IST

বাক্সা, 19 মে’: বাক্সা জিলাৰ গোৰেশ্বৰৰ এটি 21 জনীয়া যুৱ শ্ৰমিকৰ দলে মধ্যপ্ৰদেশৰ পৰা চাইকেলেৰে নিজ গৃহলৈ গৈ থাকোতে মধ্যপ্ৰদেশৰ দেবাছ নামৰ ঠাইখনত পুলিচে দলটোক প্ৰত্যক্ষ কৰি গাড়ীৰ ব্যৱস্থা কৰি গুণা নামৰ ঠাইলৈ পঠিয়াই দিয়ে । গুণাৰ পৰা আকৌ পুলিচে উত্তৰ প্ৰদেশৰ জাচিলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিয়াৰ পিছত বৰ্তমান যুৱকৰ দলটো ওচৰৰে পেৰা মেডিকেল নামৰ চিকিৎসালয়খনত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ।

মধ্যপ্ৰদেশৰ পেৰামেডিকেলত আবদ্ধ বাক্সাৰ 21 জনীয়া শ্ৰমিকৰ দল

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ইন্দোৰৰ মাধুৰী নামৰ তেল কোম্পানী এটাত কৰ্মৰত আছিল শ্ৰমিকৰ দলটো ৷ তেওঁলোকে থকা ঠাইৰ পৰা অসমলৈ প্ৰায় ১৮০০ কিলোমিটাৰ দূৰত্ব হ’ব বুলি দলটোৱে জানিবলৈ দিয়ে ৷

সেয়েহে আবদ্ধ শ্ৰমিকৰ দলটোৱে অতি শীঘ্ৰেই চৰকাৰী ব্যৱস্থাৰে অসমলৈ ওভতাই নিবলৈ অসম চৰকাৰৰ লগতে স্বাস্থ্যমন্ত্ৰীক আহ্বান জনায় দলটোৱে ৷ শ্ৰমিকৰ দলটোৱে 9301030762 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় চৰকাৰক ৷

লগতে পঢ়ক: আৰক্ষীৰে তিনি ঘন্টাৰ শ্বাসৰুদ্ধকৰ গুলীয়াগুলিৰ অন্তত নিহত সঞ্জয় দাস

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.