ETV Bharat / state

অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিবেশনৰ সামৰণি

বাক্সাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশনখন দেওবাৰে নিশা সামৰণি পৰে। মুকলি সভা আৰু বঁটা বিতৰণি সভাখনত সভাপতিত্ব কৰে অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সভাপতি জয়ন্ত হাজৰিকাই ।

author img

By

Published : Jan 25, 2021, 5:52 PM IST

nattya sanmilon Programe conclud
বাক্সাত অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিবেশনৰ সামৰণি

বাক্সা, 25 জানুৱাৰী : অসম নাট্য সন্মিলনৰ অঞ্চলী শাখাৰ উদ্যোগত আৰু বাক্সা জিলা সমিতিৰ সহযোগত বাক্সা জিলাৰ অঞ্চলীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশনখন ৷ উক্ত অধিৱেশন খন দেওবাৰে নিশা সামৰণি পৰে। অধিৱেশন উপলক্ষে এখন মুকলি সভা আৰু বঁটা বিতৰণি সভাও অনুষ্ঠিত কৰে উদ্যোক্তা সকলে ৷ এই মুকলি সভাখনত সভাপতিত্ব কৰে অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সভাপতি জয়ন্ত হাজৰিকাই।

অধিবেশন খনত "ৰত্নপীঠ" নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে অঞ্চলী হাইস্কুলৰ প্ৰধান শিক্ষক শচীন্দ্র খাটনিয়াৰে ৷ ইফালে অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কয় যে, নাটকৰ অভিনয়ৰ জৰিয়তে অভিনেতা-অভিনেত্রী সকলে সমাজৰ সু-শৃঙ্খলতা দিশৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে। তাৰোপৰি নাটকৰ জৰিয়তে দৰ্শক সমাজে সমাজৰ উন্নয়নৰ বহু দিশৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। ইফালে অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়।

লগতে পঢ়ক-২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.