বাক্সা, ৪ নবেম্বৰঃ বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাক্সাত অবৈধ অস্ত্ৰ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । বাক্সাৰ মণ্ডল চুবুৰীৰ দ্বীজেন দাস নামৰ লোকজনৰ ঘৰৰ বাঁহনিৰ মাজত মুছলপুৰস্থিত সেনা ৰেজিমেন্ট আৰু আঠীয়াবাৰী আৰক্ষীয়ে যৌথভাৱে অভিযান চলায় উদ্ধাৰ কৰে এটা মাৰণাস্ত্ৰ ৷ অভিযানত দলটোৱে গাঁত খান্দি পুতি থোৱা অৱস্থাত এটা পিষ্টল সহ ছয় জাই সজীৱ গুলী উদ্ধাৰ কৰে ৷ কিন্তু বৰ্তমান পৰ্যন্ত ঘটনাৰ লগত জড়িত কোনো ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে ।
উল্লেখ্য যে, বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাক লৈ ভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।