ETV Bharat / state

বাগানপাৰাত বজাৰৰ নিবিদা দিয়াৰ নামত অনিয়মৰ অভিযোগ

বাগানপাৰা সাপ্তাহিক বজাৰৰ নিবিদা দিয়াৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বিটিআৰৰ মাৰ্কেটিং এণ্ড ফেয়াৰ (Marketing and Fair Board) ব’ৰ্ডৰ আহ্বানমৰ্মে গঠন হোৱা 40 জনীয়া গোটৰ সদস্য আজিলৈকে কাম কৰাৰ অনুমতি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন নিবিদাৰ পৰা বঞ্চিত কেইবাজনো যুৱকৰ ৷ এই অনিয়মৰ আঁৰত বাক্সাৰ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত থকাৰ কথা উল্লেখ কৰে বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যসকলে ৷

author img

By

Published : Oct 25, 2021, 10:41 AM IST

allegation-of-illegal-tendering-of-baganpara-market
বাগানপাৰাত বজাৰৰ নিবিদা দিয়াৰ নামত অনিয়ম

বাক্সা, 25 অক্টোবৰ : বাক্সা জিলাৰ বিটিআৰ(BTR)ৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাগানপাৰা সাপ্তাহিক বজাৰৰ নিবিদা দিয়াৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন ৷ এই অভিযোগৰ ভিত্তিত দেওবাৰে যৌথভাৱে বাগানপাৰাত এক সংবাদমেল সম্বোধন কৰে বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যৰ সৈতে নিবিদাৰ পৰা বঞ্চিত কেইবাজনো যুৱকে ৷

সংবাদমেলত বিজেপিৰ বাক্সা জিলাৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য মধু নাৰ্জাৰীয়ে কৰা অভিযোগ মতে, প্ৰায় তিনিমাহ পূৰ্বে বিটিআৰৰ মাৰ্কেটিং এণ্ড ফেয়াৰ (Marketing and Fair Board)ব’ৰ্ডে আহ্বান কৰা নিবিদা প্ৰক্ৰিয়াত বাগানপাৰা অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সাঙুৰি গঠন কৰা হৈছিল এটি 40 জনীয়া গোট ৷ এই গোটটো বাচনিভুক্ত হোৱাৰ পাচতো আজি পৰ্যন্ত তেওঁলোকক কাম কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই ৷

জানিব পৰা মতে, কৰ’ণা(Corona) সৃষ্ট পৰিৱেশৰ বাবে বজাৰসমূহ বন্ধ থকাত অৰ্থাৎ তিনিমাহ পাৰ হৈ যোৱাত চৰকাৰী নিৰ্দেশনা অনুসৰি নথি-পত্ৰসমূহো ৰি-ভেলিড কৰা হয় ৷ কিন্তু তাৰ পাচতো এতিয়া বিভাগটোৱে নীতি বহিৰ্ভূতভাৱে নিবিদা প্ৰক্ৰিয়াত আটাইতকৈ নিম্নমানৰ নিবিদা দিয়া লোকক গোপনে উক্ত বজাৰখন আৱণ্টন দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি সংবাদমেলত গুৰুতৰ অভিযোগ তোলে বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যই ৷

আনকি দুদিনপূৰ্বে বিটিচিৰ মাৰ্কেটিং ব’ৰ্ডৰ অধ্যক্ষই এক পত্ৰযোগে বিভাগীয়ভাৱে বাচনিভুক্ত গোটটোক নাকচ কৰা বুলিও জনায় ৷ এইক্ষেত্ৰত যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যসকলে স্থানীয় এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ হেঁচাতে এই সমস্ত অনিয়ম সংঘটিত হোৱা বুলি দাবী কৰে ৷

গতিকে এই বিষয় সন্দৰ্ভত বিটিআৰ প্ৰশাসন তথা চৰকাৰক এক যথোচিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে নিবিদা বঞ্চিত যুৱক কেইজনে ৷ অন্যথা তেওঁলোক ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও সংবাদমেলত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : মহানগৰীৰ ৬‍১ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ GMC ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.