ETV Bharat / state

উপ-নিৰ্বাচনৰ পূৰ্বে বিটিআৰত জিএছপি-অবড়ো সুৰক্ষা সমিতিৰ ৰাজনৈতিক সংঘাত

author img

By

Published : Jun 3, 2022, 10:42 PM IST

অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাসক উভতি ধৰিলে গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে । তেওঁ কয় যে, জোন দাস নামৰ ব্যক্তিগৰাকী কেৱল নিৰ্বাচনৰ সময়ত ভুমুকি মাৰে কেইটামান টকাৰ কাৰণে । নিৰ্বাচন গ'লে মানুহজনো নোহোৱা হৈ যায় ।

BTR's political context is heating up
উপ-নিৰ্বাচনৰ পূৰ্বে বিটিআৰত জিএছপি-অবড়ো সুৰক্ষা সমিতিৰ ৰাজনৈতিক সংঘাত

বাক্সা, ৩ জুন: ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বিটিআৰৰ ৰাজনৈতিক প্ৰেক্ষাপট (BTR's political context is heating up) । অহা ৮ জুনত অনুষ্ঠিত হ’ব বিটিআৰৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচন ৷ মাজত মাত্ৰ চাৰিটা দিন বাকী থকাৰ সময়তে দুই প্ৰতিদ্বন্দ্বী বিপিএফ আৰু সন্মিলিত যৌথ শক্তি ইউপিপিএল, বিজেপি আৰু জিএছপিয়ে বিৰামহীনভাৱে চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ (By election in BTR)।

তাৰ মাজতে অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাসক উভতি ধৰিলে গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে । তেওঁ কয় যে, জোন দাস নামৰ ব্যক্তিগৰাকী কেৱল নিৰ্বাচনৰ সময়ত ভুমুকি মাৰে কেইটামান টকাৰ কাৰণে । নিৰ্বাচন গ'লে মানুহজনো নোহোৱা হৈ যায় ।

ইফালে অবড়ো নেতা জোন দাস আৰু যোগেশ্বৰ কলিতাই ককলাবাৰী উপ-নিৰ্বাচনৰ অবড়ো প্ৰাৰ্থী হিৰেণ শৰণীয়া সন্ধানহীন হৈ থকাক লৈ গণ সুৰক্ষা পাৰ্টিৰ নেতা নৱ শৰণীয়া আৰু বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, হিৰেণ শৰণীয়াক তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে কেৱল টকা ঘটাৰ কাৰণে ।

বিভিন্ন ৰাজনৈতিক দলৰ পৰা ১ কৌটি, ৫০ লাখলৈকে দাবী কৰা তথ্য আছে বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ঘনশ্যাম দাসে । ভৱিষ্যতে এইবোৰ কাম নকৰিবলৈকো জোন দাসক সকিয়নী প্ৰদান কৰে গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ।

লগতে পঢ়ক : মন্ত্ৰীসভাঃ দুই মিত্ৰদলৰ পৰা অন্তৰ্ভুক্ত হ'বনে কোনোবা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.