বাক্সা, 19 ছেপ্তেম্বৰ: মোবাইল ফোনেই যেন কাল হ’ল এগৰাকী 15 বছৰীয়া কিশোৰীৰ ৷ যোৱা 13 ছেপ্তেম্বৰত বাক্সা জিলাৰ 1 নং সোণাপুৰত মোবাইলত ব্যস্ত থকাৰ সময়তে নিজ পিতৃয়ে ডিঙি কাটি কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ মতে, ঘৰত কোনো নথকাৰ সুযোগ লৈ মাতৃহাৰা ৰিংখাং ব্ৰহ্ম নামৰ কিশোৰী গৰাকীক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছিল শ্যামল ব্ৰহ্ম নামৰ লোকজনে ৷
হত্যাকাণ্ডক লৈ অভিযুক্ত পিতৃয়ে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰা বুলি বাক্সা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডংগলে জানিবলৈ দিয়ে ৷ ৰিংখাঙক নিজ হাতে হত্যা কৰি হত্যাকাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল পিতৃ শ্যামলে ৷ এই হত্যাকাণ্ডত ৰিংখাঙৰ প্ৰাক্তন প্ৰেমিকো জড়িত আছে বুলি অভিযুক্ত পিতৃয়ে আৰক্ষীৰ আগত ব্যক্ত কৰে ৷
ইফালে, আৰক্ষীয়ে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰাৰ পাচত শনিবাৰে ইয়াৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে গাঁওবাসী ৷ গাঁওবাসীৰ অভিযোগ অনুসৰি, মিছা অপৰাধী সজাই ৰিংখাঙৰ পিতৃক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনকি, কন্যাক হত্যা কৰা বুলি স্বীকাৰ কৰিবলৈ আৰক্ষীয়ে পিতৃক হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা তেওঁ গাঁৱতেই দিন হাজিৰা কৰি থকাৰ প্ৰমান দাঙি ধৰে গাঁওবাসীয়ে ৷