ETV Bharat / state

বাক্সা জিলাৰ এবছুৰ নতুন কমিটিক কাৰ্যভাৰ অৰ্পণ

author img

By

Published : Feb 6, 2021, 12:49 PM IST

শুকুৰবাৰে বাক্সাৰ শালবাৰী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় বাক্সা জিলা এবছুৰ ২০২১-২০২২ বৰ্ষৰ নতুন কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান ৷

বাক্সা জিলাৰ এবছুৰ নতুন কমিটিক কাৰ্যভাৰ অৰ্পণ
বাক্সা জিলাৰ এবছুৰ নতুন কমিটিক কাৰ্যভাৰ অৰ্পণ

বাক্সা, 6 ফেব্ৰুৱাৰী : শুকুৰবাৰে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ ২০২১-২০২২ বৰ্ষৰ নতুন কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় শালবাৰী ইণ্ডোৰ ষ্টেডিয়ামত ৷ লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বাক্সা জিলা এবছুৰ কাৰ্যভাৰ গ্ৰহণৰ কাৰ্যসূচীও ৷

২৩,২৪ আৰু ২৫ জানুৱাৰীত চিমলাৰ খামাৰদৈচা খেলপথাৰত অনুষ্ঠিত হোৱা ১৬ তম বাৰ্ষিক অধিবেশনত ২৫ জনীয়া পূৰ্ণাংগ কমিটিখন গঠন কৰা হয় ৷ চিমলাৰ খামাৰদৈচা খেলপথাৰত অনুষ্ঠিত হোৱা এই সভাত উমেশ দৈমাৰীক সভাপতি আৰু নন্দেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, ২০২১-২০২২ বৰ্ষত ছাত্ৰ সংগঠনটোৱে বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে কৃষকৰ কৃষিৰ ক্ষেত্ৰতো বহু কেইটা উল্লেখযোগ্য পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিছে বাক্সা জিলা এবছুৰ প্ৰাক্তন সভাপতি নৃপেন চন্দ্ৰ বড়োয়ে ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যও প্ৰদৰ্শন কৰা হয় ৷ এই অনুষ্ঠানত এবছুৰ সদস্য সকলৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজো উপস্থিত থাকে ৷

লগতে পঢ়ক : স্বচ্ছতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰদৰ্শন বাটৰ নাট

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.