ETV Bharat / state

এবছুৰ উদ্যোগত বিটিআৰ চুক্তিৰ নতুন শিক্ষানীতিক লৈ আলোচনা

author img

By

Published : Sep 26, 2020, 10:43 PM IST

অপ্ৰাদেশীকৃত বিদ্যালয় সমুহৰ সমস্যাৰ পৰ্যালোচনাৰ উদ্দেশ্যে শনিবাৰে বাক্সা জিলাৰ বৰমাত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলক লৈ এখন সভা অনুষ্ঠিত কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ সভাত বিটিআৰ চুক্তিৰ জৰিয়তে অপ্ৰাদেশীকৃত বিদ্যালয় সমুহৰ সমস্যা তথা শিক্ষক সকলৰ সমস্যা সমুহ কেনে ধৰনে সমাধান কৰিব পাৰি তাক লৈ বিতং ভাৱে আলোচনা কৰা হয় ৷

ABSU meeting on new education policy at BTR
এবছুৰ উদ্যোগত বিটিআৰ চুক্তিৰ নতুন শিক্ষানীতিক লৈ আলোচনা

বাক্সা, 26 ছেপ্তেম্বৰ: বি টি আৰ চুক্তিৰ জৰিয়তে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰি শিক্ষাৰ ক্ষেত্ৰত বি টি আৰক আগবঢ়াই নিয়াৰ পদক্ষেপ এবছুৰ ৷ চলিত বৰ্ষত হোৱা বি টি আৰ চুক্তিৰ 6.3 নং দফা অনুসৰি হ'ব নতুন শিক্ষা নীতি আৰু অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ প্ৰদেশিকীকৰণৰ কাম ৷ অপ্ৰাদেশিকীকৃত বিদ্যালয় সমুহৰ সমস্যাৰ পৰ্যালোচনাৰ উদ্দেশ্যে শনিবাৰে বাক্সা জিলাৰ বৰমাত অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক সকলক লৈ এখন সভা অনুষ্ঠিত কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ সভাত বিটিআৰ চুক্তিৰ জৰিয়তে অপ্ৰাদেশিকীকৃত বিদ্যালয় সমুহৰ সমস্যা তথা শিক্ষকসকলৰ সমস্যা সমুহ কেনেধৰনে সমাধান কৰিব পাৰি তাক লৈ বিতং ভাৱে কৰা হয় আলোচনা ৷ জিলাখনৰ কেইবা শতাধিক বিভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষকে অংশগ্ৰহণ কৰা সভাত ভাষণ প্ৰদান কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷

ভাষণত বি টি আৰ চুক্তিৰ 6.3 নং দফা অনুসৰি প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ প্ৰাদেশিকীকৰণলৈকে যি সমুহ জলন্ত সমস্যা আছে সেই সমুহ সমাধানৰ সুত্ৰ থকাৰ কথা প্ৰকাশ কৰে এৱছুৰ সভাপতি গৰাকীয়ে ৷ লগতে বি টি আৰৰ বাহিৰত থকা বড়ো অধ্যুষিত অঞ্চলৰ অপ্ৰাদেশিকৃত বিদ্যালয়ক প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক সমস্যা সমুহ বি টি আৰ চুক্তিৰ জৰিয়তে আঁতৰোৱাৰ চেষ্টা অব্যাহত ৰখাৰ কথা দোহাৰে নেতা গৰাকীয়ে ৷

ইফালে হাগ্ৰামা মহিলাৰীৰ বি পি এফ চৰকাৰে 17 বছৰীয়া শাসন কালত বি টি চিত শিক্ষাৰ ক্ষেত্ৰত কোনো নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা নাই বুলি অভিযোগ উত্থাপন কৰে এবছুৰ নেতৃত্বই ৷ তেঁওলোকৰ অভিযোগ বি পি এফ চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বত থকা বিষয়া তথা কাৰ্যবাহী সদস্য সকলে বিদ্যালয় সমুহত কেৱল ডেক্স-বেঞ্চকে ধৰি সা-সঁজুলিহে যোগান ধৰি আহিছে ৷ বিদ্যালয় এখনত সা-সঁজুলিৰ বাহিৰেও যে নতুন শিক্ষানীতি ,পাঠ্যক্ৰম , আৰু শিক্ষকৰ সমস্যা সমাধান আদি বিষয়বোৰৰ যে গুৰুত্ব আছে, তাক লৈ কোনো ধৰণৰ পৰিকল্পনা নাই বুলি অভিযোগ উত্থাপন কৰে দ্বীপেন বড়োৱে ৷ উক্ত সভাত উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক কাষ্টম বসুমতাৰী, বাক্সা জিলাৰ প্ৰাক্তন এবছু সভাপতি বি সৌমখুৰ বসুমতাৰী, প্ৰাক্তন এন ডি এফ বিৰ প্ৰচাৰ সম্পাদক বি বডোচা কে ধৰি ছাত্ৰ সংগঠনটোৰ কেইবাজনো শীৰ্ষ নেতা ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.