বৰমা, 27 ছেপ্তেম্বৰ: BTR চুক্তি ঘোষণা হোৱাৰ পাচতে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে BTAD অঞ্চল ৷ দেওবাৰে BTR চুক্তিৰ বিৰোধিতাৰে বাক্সা জিলাৰ বৰমাৰ পৰা মুছলপুৰলৈ অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত কেবা শতাধিক অবড়ো কৰ্মীয়ে বাইক ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
মুছলপুৰত উপস্থিত হৈ অবড়ো সুৰক্ষা সমিতিয়ে টায়াৰ জ্বলাই বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
আনহাতে, BTR চুক্তিৰ বিৰুদ্ধে আৰম্ভ হোৱা এই সংগ্ৰাম অবিৰতভাৱে চলাই যোৱাৰ কথা স্পষ্ট কৰে প্ৰতিবাদকাৰীসকলে ৷