ETV Bharat / state

ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাৰ জুমুঠি জ্বলাই আছাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:38 PM IST

বাক্সাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদ ৷ আদিবাসীসকলৰ জনজাতিকৰণক লৈ সাংসদ তাছাই কৰা মন্তব্যত ক্ষোভ প্ৰকাশ আছাৰ ৷

AASAA sits on protest
tribal status to Adivasis of Assam
বাক্সাত আছাৰ প্ৰতিবাদ

বাক্সা, ২২ নৱেম্বৰ: মঙলবাৰে বাক্সা জিলাৰ ডুমুনীত চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাই ৷ আদিবাসী সকলক জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় চৰ্ত নথকা বুলি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতাৰে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ডুমুনী আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰী সকলে সাংসদগৰাকীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিজেপি বিৰোধী শ্ল’গান দিয়া দেখা যায় ৷ সাংসদগৰাকীয়ে নিজে আদিবাসী হৈয়ো আদিবাসীৰ হকে চিন্তা কৰা নাই বুলি অভিযোগ কৰে আদিবাসী ছাত্ৰ সংগঠনটোৰ বাক্সা জিলা সমিতিৰ সভাপতি আলবিনাচ তিগ্গাই ।

সাংসদগৰাকীয়ে আদিবাসীসকলৰ জনজাতিকৰণৰ বাবে কোনো প্ৰয়োজনীয় চৰ্ত নথকা বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ আদিবাসীৰ ওপৰত কিবা পিএইচডি কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰে নিৰ্বাচনৰ সময়ত আদিবাসী চাহ শ্ৰমিকক মজুৰি বৃদ্ধিৰ প্ৰলোভন দিয়ে যদিও জনজাতিকৰণৰ মূল দাবীক বাদ দি অহা বুলি অভিযোগ কৰে তেওঁলোকে ।

এইবাৰ বিজেপি চৰকাৰে আদিবাসীক কোনো প্ৰলোভন দিব নোৱাৰে বুলি মন্তব্য কৰি নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে ।

আনহাতে ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ডেভিদ তপ্পই আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি আদিবাসীসকলক জনজাতিৰ স্বীকৃতি নিদিয়ে তেনেহলে বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই আদিবাসীকে ধৰি আন ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে সদনত দাবী উত্থাপন কৰা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰে আদিবাসী ছাত্ৰ সন্থাই ।
লগতে পঢ়ক: আৰক্ষী-আয়কৰ বিভাগৰ লোক দেখি গৰাকীয়ে পাহৰিলে টকাৰ উৎস !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.