ETV Bharat / state

AASAA holds silent rally : বাক্সাত আছাৰ মৌন সমদল - আদিবাসী ছাত্ৰ সন্থা

2014 চনৰ 23 ডিচেম্বৰৰ অভিশপ্ত দিনটোক স্মৰণ কৰি বাক্সাত আদিবাসী ছাত্ৰ সন্থাই মৌন সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে(AASAA holds silent rally at Baksa) ৷

বাক্সাত আছাৰ মৌন সমদল
বাক্সাত আছাৰ মৌন সমদল
author img

By

Published : Dec 24, 2021, 8:39 PM IST

বৰপেটাৰোড, 23 ডিচেম্বৰ : বিগত 2014 চনৰ 23 ডিচেম্বৰৰ দিনটোতে আদিবাসী সম্প্ৰদায়ৰ 64 জনকৈ নিৰীহ লোকে প্ৰাণ আহুতি দিবলগীয়া হৈছিল ৷ সেই অভিশপ্ত দিনটোক স্মৰণ কৰি বৃহস্পতিবাৰে বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাঁ‌হবাৰীত এটি মৌন সমদল উলিয়ায় সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই (AASAA holds silent rally at Baksa) ৷

কোকৰাঝাৰ, শোণিতপুৰকে আদিকৰি ৰাজ্যৰ কেইবা ঠাইত দুষ্কৃতিকাৰীয়ে চলোৱা সেই বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ৬৪ জনকৈ আদিবাসী সম্প্ৰদায়ৰ নিৰীহ লোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি হাতে হাতে মমবাতি লৈ মৌন সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি 23 ডিচেম্বৰৰ দিনটোক ক'লা দিৱস হিচাপে পালন কৰে আদিবাসী ছাত্ৰ সন্থাই ৷ সেই দুৰ্ভাগ্যজনক ঘটনাৰ ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিপৰ্য্যন্ত ভূক্তভোগীৰ পৰিয়ালে উপযুক্ত ন্যায় আৰু ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই ।

বাক্সাত আছাৰ মৌন সমদল

সেয়ে আদিবাসী সম্প্ৰদায়ৰ 64 জনকৈ নিৰীহ লোকৰ পৰিয়ালক শীঘ্ৰেই উচিত ক্ষতিপূৰণৰ দাবীৰে বৃহস্পতিবাৰে বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাঁ‌হবাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসী ছাত্ৰ সন্থাই (AASA Protest at Baksa)

লগতে পঢ়ক : AASA protest at Doom Dooma: সমস্যা সমাধানৰ দাবীৰে আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.