ETV Bharat / state

বাক্সাত আগন্তক নিৰ্বাচনত এবছুৰ ভূমিকাৰ সম্পর্কে আলোচনা

বাক্সা জিলাৰ শিমলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ চাপাগুৰি ককলাবাৰী আঞ্চলিক কমিটীৰ উদ্যোগত আগন্তুক বিধানসভা নিৰ্বাচনত নিখল বড়ো ছাত্ৰ সন্থাৰ ভূমিকা সম্পৰ্কে এক আলোচনা সভা ৷ আগন্তুক বিধানসভা নিৰ্বাচনত ইউ পি পি এল দলক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ ৷

author img

By

Published : Mar 24, 2021, 2:33 PM IST

বাক্সাত আগন্তক নিৰ্বাচনত এবছুৰ ভূমিকাৰ সম্পর্কে আলোচনা
বাক্সাত আগন্তক নিৰ্বাচনত এবছুৰ ভূমিকাৰ সম্পর্কে আলোচনা

বাক্সা, ২৪ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন বাবে ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠাৰ সময়তেই অৰাজনৈতিক সংগঠন সমূহেও তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । বাক্সা জিলাৰ শিমলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ চাপাগুৰি ককলাবাৰী আঞ্চলিক কমিটীৰ উদ্যোগত আগন্তুক বিধানসভা নিৰ্বাচনত নিখল বড়ো ছাত্ৰ সন্থাৰ ভূমিকা সম্পৰ্কে এক আলোচনা সভা অনুষ্ঠিত হৈ যায় । চাপাগুৰি ককলাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি যুৱৰাজ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ।

সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয়, "২০২০ চনৰ ২৭ জানুৱাৰীত বিটিআৰ চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ নেতৃত্বত চুক্তি সম্পাদন কৰা চৰকাৰখনৰ সহযোগত আধা দফা ৰূপায়ন কৰা হ'ল । সেয়ে আৰু বাকী থকা আধা দফা এইখন চৰকাৰে সম্পাদন কৰিব । সেয়েহে এবছুৰ ফালৰ পৰা আহ্বান জনাইছো যে যি দল আৰু চৰকাৰে এই চুক্তি কৰি দিলে তেওঁলোকেই চুক্তি ৰূপায়নৰ কাম কৰি আছে ।

ইউপিপিএল দলে চুক্তি ৰূপায়নত দৃঢ়তাৰে কাম কৰি আছে । য'ত বিগত ১৫ বছৰত কোনো উন্নয়ন মূলৰ আঁচনিৰ কাম সম্পূর্ণ হৈ নুঠিল । সেয়ে পৰিবৰ্তনৰ কাম কৰি যোৱা ইউপিপিএল দলক আমি জয়যুক্ত কৰিব লাগিব ৷ সেইবাবে ইউপিপিএল দলক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় এবছুৰ কৰ্মকৰ্তাসকলে । "কোকৰাঝাৰৰ ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণা গোপাল বসুমতাৰীয়ে অংশগ্ৰহণ কৰা সভাত বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ সম্পাদক অঞ্চুমা নাৰ্জাৰী, ভাৰত বড়ো, হাংগামা বড়ো, ভূৱনেশ্বৰ গয়াৰী,নিৰেণ বড়োকে আদি কৰি কেবাগৰাকী ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ নাড্ডাৰ প্ৰতিকৃতি দাহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.