বাক্সা, ২০ অক্টোবৰ : প্ৰতি বছৰৰ দৰে এইবাৰো বৰমাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৯০ সংখ্যক বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । আজিৰে পৰা আৰম্ভ হোৱা দুৰ্গাপূজা অহা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব । মহোৎসৱৰ বিশেষ আকৰ্ষণ হ’ল সংগম চাৰ্কাছ, চিৰিয়াখানা আৰু উদ্যান, মিনা বাজাৰ, বানিজ্য মেলা, ঢুলীয়া প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া আৰু ৰাৱন দাহন আদি ।
ইতিমধ্যে পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী মতে, ২০ অক্টোবৰৰ পুৱা ৭:৩০ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে দুৰ্গাপূজা মহোৎসৱ সমিতিৰ সভাপতি অজয় দাসে । স্মৃতিবেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন শুভাৰম্ভ কৰে সমাজকৰ্মী ৰজৎ চৌধুৰী আৰু মুখ্য সম্পাদক ভূপেন চন্দ্ৰ কলিতাই । ইয়াৰ পিচতে পুৱা ৯ বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰে বিটিআৰৰ কাৰ্যবাৰী সদস্য ঘনশ্যাম দাসে ।
কৃষক ঋষিৰাম কলিতা সোৱৰণী তোৰণ উন্মোচন কৰে শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মাই । পুৱা ১০ বজাত উপেন শংকৰ কছাৰী সোৱৰণী সমন্বয় সাঁকো মুকলি কৰে সমাজসেৱক খগেন ৰামছিয়াৰীয়ে । ইয়াৰ পিচতে নন্দৰাম কলিতা, কেলেঙা দাস, সাবিত্ৰী দাসৰ সোঁৱৰণত আয়তীৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতা উদ্বোধন কৰে ৪৫ নং পশ্চিম নামবৰ ভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী ইলোৰা কলিতাই ।
সন্ধিয়া ৫ বজাত চিৰিয়াখানা আৰু উদ্যান মুকলি কৰিব সমাজকৰ্মী কন্দৰ্প শৰ্মাই । ইয়াৰ পিচতে ভবেন বড়োৰ সোৱৰণত “সনা মাইনাৱ আফাড’’ নাট্যদলৰ নাট প্ৰদৰ্শন । নাটক উদ্বোধন কৰিব কবি ৰশ্মি চৌধুৰীয়ে । ২১ অক্টোবৰত পুৱা অকুমাৰী ছোৱালীৰ দ্বাৰা জল আনয়ন, মন্দিৰৰ দ্বাৰ উন্মোচন, আয়তিৰ বিয়ানাম প্ৰতিযোগিতা, ঢুলীয়া প্ৰদৰ্শন আৰু সন্ধিয়া অসমীয়া আৰু বড়ো গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।
২২ অক্টোবৰত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অন্তত সন্ধিয়া অসমী পাপেট থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ’ব । ২৩ অক্টোবৰত পুৱা অনুষ্ঠিত হ’ব সম্বৰিপ্ৰিয়া মেধি সোঁৱৰণী লোকগীত প্ৰতিযোগিতা । আবেলি নাগাৰা নাম পৰিৱেশন কৰিব পল্লবী দাসে । ২৪ অক্টোবৰত বিভিন্ন পূজা অৰ্চনাৰ অন্তত আবেলি ৪ বজাত দুৰ্গা প্ৰতিমালৈ বৰমা নগৰ পৰিভ্ৰমণ কৰি মৰাপাগলদিয়া নদীত বিসৰ্জন দিয়া হ’ব ।
ইয়াৰ পিচতে আবেলি বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৰং বিৰঙৰ আতচবাজী পৰিৱেশন আৰু ৫০ ফুট সুউচ্চ ৰাৱন দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । এই কাৰ্যসূচী মুকলি কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ।
অতিথি হিচাবে অংশগ্ৰহণ কৰিব অসম চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংসদ নব কুমাৰ শৰণীয়া, বিধায়ক ভূপেন বড়ো, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনিৰ অধিনায়ক তপন কুমাৰ বৰ্মনকে ধৰি বহু বিশিষ্ট লোক । সন্ধিয়া অনুষ্ঠিত হ’ব ৰত্নেশ্বৰ দেৱ শৰ্মা সোৱৰণী সাংস্কৃতিক সন্ধিয়া ৷ বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি অজয় দাসে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰে ।
লগতে পঢ়ক : Puja schedule of Assam CM : পূজাৰ দিন কেইটাত কেনে হ’ব মুখ্যমন্ত্ৰীৰ ব্যস্ততা ?