বাক্সা, ৮ জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ প্ৰতিখন জিলাৰ জিলা প্ৰশাসন তৎপৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে ৷ মঙলবাৰে বাক্সা জিলাতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় মুছলপুৰ আৰক্ষীয়ে ৷ মুছলপুৰ থানাৰ অন্তৰ্গত বেলগুৰী চ’কত মুছলপুৰ আৰক্ষী থানাৰ তহলদাৰী আৰক্ষীৰ দলে অভিযান চলাই 45 কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, সুৰাখিনি ML-08-E-3773 নম্বৰৰ মাৰুতী ইক' বাহনেৰে মুছলপুৰৰ পৰা নিকাচী অভিমুখে লৈ গৈ থকা অৱস্থাতে জব্দ কৰে আৰক্ষীয়ে । সুৰাৰ কাৰ্টনৰ লগতে গাড়ীচালক চন্দন দাস আৰু চন্তৰা গৈয়াৰীক আটক কৰে মুছলপুৰ আৰক্ষীয়ে।
লগতে পঢ়ক: বাক্সাত আৰক্ষীৰ জালত দুজন ড্ৰাগছ সৰবৰাহকাৰী