স্পৰ্টছ ডেস্ক, ৩১ জুলাই: "মোক ক্ষমা কৰিব ভাৰতৰ ৰাইজ, মই এইবাৰ অলিম্পিকত দেশত গৌৰৱান্বিত কৰিব নোৱাৰিলো" । আৰ্চাৰীৰ পুৰুষৰ একক প্ৰতিযোগিতাৰ ১/৮ এলিমিনেশ্যন ৰাউণ্ডত পৰাজিত হোৱাৰ পাছতে এইদৰে ক্ষমা বিচাৰে ভাৰতৰ আৰ্চাৰ অতনু দাসে । শনিবাৰে য়ুমেনোছিমা পাৰ্কত অনুষ্ঠিত প্ৰতিযোগিতাত জাপানৰ আৰ্চাৰ তাকাহাৰু ফুৰুকাৱাই ৬-৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ২৯ বছৰীয়া ভাৰতীয় আৰ্চাৰগৰাকীক । লগতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে জাপানৰ তাকাহাৰু ফুৰুকাৱাই ।
পৰাস্ত হোৱাৰ পাছত ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰে অতনু দাসে । টুইটযোগে তেওঁ কয় যে, তেওঁ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাত ব্যৰ্থ হৈছে । এই পৰ্যন্ত সংবাদ মাধ্যম, স্পৰ্টছ অথৰিটী অৱ ইণ্ডিয়া, ভাৰতীয় আৰ্চাৰী, টি অ' পি এছে সমৰ্থন আগবঢ়াই আছে বুলিও তেওঁ টুইটটোত উল্লেখ কৰে । তেওঁ লগতে উল্লেখ কৰে যে, এই পৰাজয়ৰ বাবে হতাশ হোৱাৰ পৰিৱৰ্তে তেওঁলোক আগবাঢ়ি যোৱা উচিত ।
-
Sorry INDIA🙏🏼, I couldn’t bring glory in this Olympics. But the support we get from @Media_SAI @indian_archery TOPS, @OGQ_India Is fantastic till now. We should keep moving forward, else nothing to say. Jai hind🇮🇳 pic.twitter.com/Kqqm03nt8r
— TheAtanuDas (@ArcherAtanu) July 31, 2021 " class="align-text-top noRightClick twitterSection" data="
">Sorry INDIA🙏🏼, I couldn’t bring glory in this Olympics. But the support we get from @Media_SAI @indian_archery TOPS, @OGQ_India Is fantastic till now. We should keep moving forward, else nothing to say. Jai hind🇮🇳 pic.twitter.com/Kqqm03nt8r
— TheAtanuDas (@ArcherAtanu) July 31, 2021Sorry INDIA🙏🏼, I couldn’t bring glory in this Olympics. But the support we get from @Media_SAI @indian_archery TOPS, @OGQ_India Is fantastic till now. We should keep moving forward, else nothing to say. Jai hind🇮🇳 pic.twitter.com/Kqqm03nt8r
— TheAtanuDas (@ArcherAtanu) July 31, 2021
আনহাতে, আৰ্চাৰ দীপিকা কুমাৰী(Deepika Kumari)য়েও দক্ষিণ কোৰিয়াৰ আৰ্চাৰ এন চানৰ হাতত পৰাজিত হয় । পৰাজয় বৰণ কৰাৰ পাছত দীপিকাই কয় যে, টকিঅ' অলিম্পিকত মিশ্ৰিত দলৰ প্ৰতিযোগিতাৰ বাবে ফেডাৰেশ্যনে পুৰুষৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত কৰা এটা প্ৰদৰ্শনৰ ভিত্তিত তেওঁৰ সংগীৰ বিষয়ে সিদ্ধান্ত ল'ব নালাগিছিল ।
পুৰুষৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত প্ৰবীণ যাদৱে ৩১ সংখ্যক স্থানত থাকে । আনহাতে, অতনু দাসে ৩৫ সংখ্যক স্থানত থাকে । সেয়েহে মিশ্ৰিত দলৰ ইভেণ্টত প্ৰবীণক দীপিকাৰ অংশীদাৰ হিচাপে বাছনি কৰা হয় । দীপিকাই অতনু দাসৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।
লগতে পঢ়ক:Tokyo Olympics: ডিচকাছ থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কমলপ্ৰীত কৌৰ