নিউজ ডেস্ক, 24 জুলাই : টকিঅ' অলিম্পিকত (Tokyo Olympics) পদক বুটলাৰ স্বপ্ন ভংগ হ'ল 29 বছৰীয়া ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণৰ ৷ শনিবাৰে অনুষ্ঠিত হোৱা 69 কিলোগ্ৰাম শাখাৰ 32 সংখ্যক মেচত জাপানৰ বক্সাৰ মেনচাহ অকাজাৱাৰ হাতত পৰাস্ত হয় বক্সাৰ গৰাকী ৷ জাপানৰ বক্সাৰ গৰাকীৰ হাতত 5-0 পইন্টত পৰাস্ত হয় ভাৰতৰ অন্যতম অভিজ্ঞ বক্সাৰ বিকাশ কৃষ্ণ ৷
উল্লেখ্য যে, মেচৰ প্ৰথম ৰাউণ্ডত আটাইকেইগৰাকী (5) বিচাৰকে জাপানৰ বক্সাৰগৰাকীক 10 পইন্ট প্ৰদান কৰাৰ বিপৰীতে ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণক প্ৰদান কৰে 9 পইন্ট ৷ যাৰ বাবে পিছ পৰিছিল ভাৰতীয় বক্সাৰগৰাকী ৷ একেদৰে দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডটো ধাৰাবাহিকভাৱে পৰাস্ত হৈছিল বিকাশ কৃষ্ণ ৷ ফলস্বৰূপে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) পৰা বাহিৰ হ'ব লগীয়া হয় ভাৰতীয় বক্সাৰগৰাকী ৷
লগতে পঢ়কঃ লাভলীনাৰ সফলতা কামনাৰে ৰাইজৰ বন্তি প্ৰজ্বলন