স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰ : কৰ'ণা ভাইৰাছৰ বাবে টেনিছৰ কেলেণ্ডাৰত পুনৰবাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিবাৰৰ দৰে মাৰ্চ মাহত আয়োজন কৰা নহ'ব ইণ্ডিয়ান ৱেলছৰ বিএনপি পাৰিবাছ টুৰ্ণামেন্ট ৷
মঙলবাৰে এটিপিয়ে ঘোষণা কৰে 2021 চনৰ এটিপি ট্যুৰ ছিজনৰ সংশোধিত কাৰ্যসূচী ৷ এটিপিৰ এক বিবৃতি অনুসৰি, "অহা বৰ্ষত বিভিন্ন টুৰ্ণামেন্টসমূহ আয়োজন কৰিবৰ বাবে বিকল্প দিনৰ চিন্তা-চৰ্চা কৰি থকা হৈছে ৷"
টেনিছৰ অন্যতম গুৰুত্বপূৰ্ণ টুৰ্ণামেন্ট হিচাপে গণ্য কৰা ইণ্ডিয়ান ৱেলছ 2020 বৰ্ষত কৰ'ণা ভাইৰাছৰ বাবে স্থগিত ৰখা হৈছিল ৷ আনহাতে, 22 মাৰ্চৰ পৰা আৰম্ভ হ'ব মিয়ামি মাষ্টাৰ্ছ টুৰ্ণামেন্ট ৷
লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ কিংবদন্তীয়ে ৰাহানেৰ নেতৃত্বক প্ৰশংসা কৰাত আনন্দিত হৈছো : গাভাস্কাৰ