নিউজ ডেস্ক, ১১ মাৰ্চ: দীৰ্ঘ বিৰতিৰ পাছত টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা উভটি আহিছে টেনিছ কৰ্টলৈ । অনুশীলনৰ সময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি এই কথা জনাই ছানিয়াই ।
উল্লেখ্য যে, পাকিস্তানী ক্ৰিকেটাৰ ছোৱেব মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ছানিয়াই যোৱা বছৰৰ ৩০ অক্টোবৰত এটা ল'ৰা সন্তান জন্ম দিয়ে । গৰ্ভাৱস্থাৰ পৰা টেনিছৰ পৰা বিৰতি লৈছিল খেলুৱৈগৰাকীয়ে ।