ETV Bharat / sports

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টঃ ফাইনেলত ছানিয়া মিৰ্জা

author img

By

Published : Jan 17, 2020, 1:47 PM IST

মাতৃত্বৰ দুটা বছৰ পাচত দুৰ্দান্ত ভাৱে টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ ৷ হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ মহিলা ডাবল্ছৰ ফাইনেলত ছানিয়া-নাডিয়া ৷

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টঃ ফাইনেলত ছানিয়া মিৰ্জা
হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টঃ ফাইনেলত ছানিয়া মিৰ্জা

স্পৰ্টছ ডেস্ক, 15 জানুৱাৰীঃ দুই বছৰৰ অন্তত পুনৰ টেনিছ জগতত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ ৷ হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ মহিলা ডাবল্ছৰ ফাইনেলত স্থান লাভ কৰিলে ছানিয়া আৰু নাডিয়াই ৷ ছেমিফাইনেলত ছানিয়া আৰু নাডিয়া কিচন’কৰ যুঁটিটোৱে স্ল’বেনিয়াৰ তামাৰা জিদানচে আৰু চেক গণৰাজ্যৰ মাৰি বুজকোৱাক এক ঘণ্টা 24 মিনিটলৈ চলা মেচখনত 7-6, 6-2 ছেটত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টঃ
হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ ফাইনেলত ছানিয়া

উল্লেখ্য যে, 2017 বৰ্ষৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে চীন অ‘পেনত অৱতীৰ্ণ হৈছিল ছানিয়া ৷ মাতৃত্ব লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰে আন্তঃৰাষ্ট্ৰীয় টেনিছত ভুমুকি মাৰিছে ছানিয়া মিৰ্জাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.