স্পৰ্টছ ডেস্ক, 29 আগষ্ট : টকিঅ' পেৰালিম্পিকত (Tokyo Paralympics) দেওবাৰে মহিলাৰ টেবুল টেনিছত একক শ্ৰেণী চতুৰ্থত ৰূপৰ পদক জিকি ইতিহাস ৰচনা কৰিলে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ ভৱিনাবেন পেটেলে । টকিঅ' পেৰালিম্পিকত (Tokyo Paralympics) মহিলাৰ টেবুল টেনিছ শাখাত ফাইনেলত শনিবাৰে স্থান নিশ্চিত কৰি ইতিহাস ৰচা ভৱিনাই ফাইনেলত দুবাৰকৈ স্বৰ্ণ পদক জয়ী চীনৰ ইং ঝৌৰ বিৰুদ্ধে অৱৰ্তীণ হয় ৷

প্ৰায় ১৯ মিনিট ধৰি চলা ফাইনেল খেলখনৰ অন্তত ভৱিনাই ঝৌৰ হাতত ৭-১১ ৫-১১ ৬-১১ ছেটত পৰাস্ত হয় । ইয়াৰ লগতে ভৱিনা পেৰালিম্পিক গেমছত ভাৰতৰ হৈ টেবুল টেনিছত পদক জয় কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।

ভৱিনাই শনিবাৰে টকিঅ' পেৰালিম্পিকত মহিলাৰ টেবুল টেনিছ শাখাত ছেমি ফাইনেলত বিশ্বৰ তৃতীয় নম্বৰ চীনৰ ঝাং জিয়াওক ৩-২ পইন্টত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিছিল । কিন্তু টকিঅ' পেৰালিম্পিকৰ এই যাত্ৰা ভৱিনাৰ বাবে সহজ নাছিল । প্ৰতিযোগিতাৰ আৰম্ভণিতেই ভৱিনাই গ্ৰুপ পৰ্যায়ৰ প্ৰথম খেলখনত ঝাউৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল ।

১২ মাহ বয়সত পলিঅ'ত আক্ৰান্ত হোৱা ভৱিনাই শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত ২০১৬ চনৰ ৰিঅ' পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰু বিশ্বৰ দ্বিতীয় স্থানত থকা ছাৰ্বিয়াৰ বৰিস্লাভা পেৰিক ৰাঙ্কোভিচ(Borislava Peric Rankovic)ক পৰাস্ত কৰি পদক নিশ্চিত কৰি ইতিহাস ৰচনা কৰিছিল ।

লগতে পঢ়ক : Tokyo Paralympics: হুইল চেয়াৰতে বহি ইতিহাস ৰচিলে ভৱিনাবেন পেটেলে