স্পৰ্টছ ডেস্ক,১৫ জুন : দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে অৰ্থাৎ আজি দাখিল কৰিব মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা । ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্লযুঁজাৰুৱে অনা অভিযোগ সন্দৰ্ভত এই অভিযোগনামা দাখিল কৰা হ'ব । মল্লযুঁজাৰুসকলক ক্ৰীড়া মন্ত্ৰী অনুৰাগে ঠাকুৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে আজি দাখিল কৰা হ'ব অভিযোগনামা ।
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ৭ জুনত অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া আৰু সাক্ষী মালিকক সাক্ষাৎ কৰিছিল । বৈঠকত তেওঁ আন্দোলনকাৰী মল্লযুঁজাৰুসকলক আশ্বাস দিছিল যে যৌন নিৰ্যাতনৰ গোচৰৰ অভিযোগনামা ১৫ জুনৰ ভিতৰত দাখিল কৰা হ'ব । ইয়াৰ পাছতে তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখিছিল ।
দিল্লী আৰক্ষীয়ে বিদেশী ৰাষ্ট্ৰসমূহৰ মল্লযুঁজ ফেডাৰেশ্যনসমূহলৈও কিছুমান তথ্য বিচাৰি পত্ৰ লিখিছে কিয়নো ঘটনাবোৰ প্ৰায় ৫ খন বেলেগ বেলেগ দেশত সংঘটিত হোৱাৰ অভিযোগ আছে । যিহেতু বিদেশী ফেডাৰেশ্যনবোৰে এতিয়াও সঁহাৰি দিয়া নাই, সেই ঘটনাবোৰৰ সৈতে সম্পৰ্কিত অভিযোগবোৰ বিদেশত সংঘটিত হোৱা বুলি পৰিপূৰক অভিযোগনামাত যোগ কৰা হ'ব ।
দিল্লী আৰক্ষীয়ে বিচৰা বিৱৰণত ফেডাৰেশ্যনৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ ফটো আৰু ভিডিঅ' অন্তৰ্ভুক্ত আছে । আৰক্ষী সূত্ৰৰ মতে আয়োজকসকলৰ দ্বাৰা মল্লযুঁজাৰুসকলক থাকিবলৈ দিয়া হোটেল বা অন্য স্থানৰ চিচিটিভি ফুটেজো বিচাৰিছে দিল্লী আৰক্ষীয়ে ।
ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলে এতিয়ালৈকে ১৮০ জনৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে । দলটোৱে গোণ্ডাত বিজেপি সাংসদ ব্ৰীজ ভূষণ সিঙৰ বাসগৃহ পৰিদৰ্শন কৰিছে । সাংসদগৰাকীৰ আত্মীয়, সহকৰ্মী, ঘৰুৱা সহায়ক আৰু তেওঁৰ সহযোগীসকলৰ পৰাও সাক্ষ্য গ্ৰহণ কৰিছে ।
এগৰাকী মহিলা মল্লযুঁজাৰুক সাংসদৰ চৰকাৰী বাসভৱনলৈও লৈ যোৱা হৈছিল য'ত ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছিল । ইফালে ১৫ জুনৰ ভিতৰত অভিযোগনামা দাখিল নকৰিলে মল্লযুঁজাৰুসকলে পুনৰ প্ৰতিবাদৰো হুংকাৰ দিছিল ।
লগতে পঢ়ক :Wrestler protest : ব্ৰীজ ভূষণে মুকলিকৈ ঘূৰি ফুৰিছে, অত্যধিক চাপত আছে নাবালিকাৰ পিতৃ: বজৰং পুনিয়া