ETV Bharat / sports

বয়সে হাৰ মনাব নোৱাৰা মল্ল যুঁজাৰুগৰাকী - আখাৰা

মাদুৰাই চহৰৰ পালাংনাথাম অঞ্চলৰ "আখাৰা"ত সততে দেখিবলৈ পোৱা যায় তেওঁক ৷ বয়সে 93ৰ ঘৰ চুইছে কিন্তু এতিয়াও নিজেই প্ৰশিক্ষণ দি আহিছে ডেকা বয়সৰ মল্লযুঁজাৰুসকলক ৷ তেওঁৱেই হৈছে মল্লযুঁজৰ প্ৰশিক্ষক "পালানী পেহেলৱান" ৷

বয়সে হাৰ মনাব নোৱাৰা মল্লযুঁজাৰুগৰাকী
author img

By

Published : Jul 13, 2019, 3:36 PM IST

স্পৰ্টছ ডেস্ক,13 জুলাইঃ বয়সে তেওঁৰ শতবৰ্ষ গৰকিবলৈ ওলাইছে কিন্তু এতিয়াও যেন সুঠাম ডেকা হৈ আছে তেওঁৰ মন ৷ 93 বছৰ বয়সত বহুতে কৰিব নোৱাৰা কাম কৰি এগৰাকী যোদ্ধাৰ দৰে জীৱন অতিবাহিত কৰি অহা এগৰাকী ব্যক্তি হৈছে মাদুৰাই চহৰৰ পালাংনাথাম অঞ্চলৰ "পালানী পেহেলৱান"৷

যিটো সময়ত মল্লযুঁজৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে তেনে সময়ত এইগৰাকী পেহেলৱানে নিজৰ স্বকীয়তাৰে উজ্বলি উঠিছে ৷ নিজৰ প্ৰশিক্ষণস্থলীত যুৱ প্ৰজন্মৰ মল্লযুঁজাৰুসকলক প্ৰশিক্ষণ দি অহাৰ উপৰিও নিজকে সুস্থ ৰাখিবলৈ এতিয়াও চৰ্চা কৰি আহিছে মল্লযুঁজ ৷

1994 চনত নিজে স্থাপন কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিছে হাজাৰৰো অধিক প্ৰশিক্ষাৰ্থীক ৷ ইয়াৰ উপৰি তেওঁ নিজেও যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে মল্লযুঁজৰ চৰ্চা অব্যাহত ৰাখিছে ৷

নিজ অঞ্চলত এগৰাকী আদৰ্শত পৰিণত হৈ পৰা পালানী পেহেলৱানৰ কাহিনীয়ে সকলোকে এবাৰ হ'লেও ভাবিবলৈ বাধ্য কৰি তুলিছে ৷ যিটো সময়ত মানুহে তীৰ্থভ্ৰমণলৈ ওলায়,বিচনাত বাগৰি নিজৰ অন্তিত ক্ষণ গণনা কৰে,তেনে সময়তে একমাত্ৰ দেশৰ স্বাৰ্থত ইজনৰ পিচত সিজন সুনিপুণ মল্লযুঁজাৰুক নিজ হাতে প্ৰশিক্ষণ দি আহিছে পালানী পেহেলৱানে ৷

This 93-year-old man teaches, practices wrestling in Madurai
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.