ETV Bharat / sports

ৰাষ্ট্ৰীয় থাই বক্সিং চেম্পিয়নশ্বিপত উজলিল অসম - HYDERABAD

একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত কেইবাটাও সোণৰ পদক অৰ্জন অসমৰ। তেলেংগানাৰ হায়দৰাবাদৰ গাচ্ছিবলি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত উজলিল অসমৰ বহু কেইজন প্ৰতিভাশালী খেলুৱৈ ।

ৰাষ্ট্ৰীয় থাই বক্সিং চেম্পিয়নশ্বিপত উজলিল অসম
author img

By

Published : Aug 5, 2019, 3:48 PM IST

কামৰূপ, 5 আগষ্টঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ বহু কেইটা প্ৰতিভাৱান খেলুৱৈ ৷ একাদশ ৰাষ্ট্ৰীয় থাই বক্সিং চেম্পিয়নশ্বিপত বহু কেইটা শাখাত সোণৰ পদক অৰ্জন কৰিলে অসমৰ উদীয়মান বক্সাৰে ৷ ২ আগষ্টৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত দেশৰ মুঠ ২৪ খন ৰাজ্যৰ ৮৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷ য’ত অসমৰ ৫০-৫৫ কেজি শাখাত অনিমা নাৰ্জাৰী,মৃনাল কান্তী বড়োৱে সোণৰ পদক, ৬০-৬৫ কেজিত উৎপল চাংমাইয়ে ব্ৰঞ্জ,৫০-৫৫ কেজিত ৰাজা বৰুৱাই,কৰিণা পাটোৱাৰীয়ে ব্ৰঞ্জ, ৪৫-৫০ কেজিত নিজৰা বড়োৱে ব্ৰঞ্জ, ৫৫-৬০ কেজিত পিতাম্বৰ নৰহে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনফালে চিনিয়ৰ শাখাত ৫৫-৬০ কেজি শাখাত মিলন বড়োৱে সোণৰ পদক, ৩৫-৪০ কেজিত মঞ্জু ৰাভাই সোণৰ পদক,৫০-৫৫ কেজিত দিপা ৰংপিয়ে সোণৰ পদক লাভ কৰে ৷

ৰাষ্ট্ৰীয় থাই বক্সিং চেম্পিয়নশ্বিপত উজলিল অসম

ইপিনে জুনিয়ৰ শাখাত ৪৫-৫০ কেজি শাখাত লক্ষ্য ৰাভাই,৫০-৫৫ কেজিত বন্দনা বড়োৱে, ৩০-৩৫ কেজিত ৰূপালী বড়োৱে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় ৷ চাব জুনিয়ৰৰ ৩৫-৪০ কেজিত লখিমা বড়োৱে সোণৰ পদক,জুনিয়ৰ ৫০-৫৫ কেজিত অমৰদ্বীপ বৰুৱাই ৰূপ আৰু ৪৫-৫০ কেজিত বন্দনা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে অসমৰ দলটোৱে "শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান" লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে,অসমৰ সুন্দৰ প্ৰদৰ্শনৰ পিচতেই ৰাণী প্ৰশিক্ষণ চেণ্টাৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । কিয়নো প্ৰায়খিনি খেলুৱৈয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল ৷

Intro:একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোনৰ পদক অৰ্জন । Body:Ocvo..একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোনৰ পদক অৰ্জন । হায়দৰাবাদৰ তেলেংগানাৰ গাচিবাউলী ষ্টেডিয়ামত হোৱা একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ এই সাফল্য । ২৪ খন ৰাজ্যৰ ৮৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন যোৱা ২ আগষ্টৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হৈছিল । ৫০-৫৫ কেজিত অনিমা নাৰ্জাৰীয়ে সোনৰ পদক , ৫০-৫৫ কেজিত মৃনাল কান্তী বড়োয়ে সোনৰ পদক , ৬০-৬৫ কেজিত উৎপল চাংমাই ব্ৰঞ্জ , ৫০-৫৫ কেজিত ৰাজা বৰুৱা ব্ৰ্ঞ্জ, ৫০-৫৫ কৰিনা পাটোৱাৰী ব্ৰঞ্জ, ৪৫-৫০ কেজিত নিজৰা বড়োৱে ব্ৰঞ্জ , ৫৫-৬০ কেজিত পিতাম্বৰ নৰহে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । আনফালে চিনিয়ৰ শাখাত ৫৫-৬০কেজিত মিলন বড়োৱে সোনৰ পদক , ৩৫-৪০ কেজিত মঞ্জু ৰাভা সোনৰ পদক , ৫০-৫৫ কেজিত দিপা ৰংপিয়ে সোনৰ পদক , জুনিয়ৰ শাখাত ৪৫-৫০ কেজিত লক্ষ্য ৰাভাই সোনৰ পদক , ৫০-৫৫ কেজিত বন্দনা বড়ো ই সোনৰ পদক , ৩০-৩৫ কেজিত ৰূপালী বড়োৱে সোনৰ পদক , চাৱজুনিয়ৰ ৩৫-৪০ কেজিত লখিমা বড়োৱে সোনৰ পদক , জুনিয়ৰ ৫০-৫৫ কেজিত অমৰদ্বিপ বৰুৱাই ৰূপৰ , আৰু ৪৫-৫০ কেজিত বন্দনা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় লগতে অসমৰ দলটোৱে "বেষ্ট ডিচিপ্লিন বটা " লাভ কৰিবলৈ সক্ষম হয় । Conclusion:উল্লেখ্য যে অসমৰ পৰা যোৱা প্ৰায় সংখ্যক খেলুৱৈ ৰাণী কোচিং চেণ্টাৰত প্ৰশিক্ষণৰত আছিল যাৰ ৰাণীতো উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.