ETV Bharat / sports

কোৱাৰেণ্টাইন অবিহনে টকিঅ'ত অনুশীলন আৰম্ভ কৰিব ভাৰতীয় শ্বুটাৰে - টকিঅ' গেমছ

শ্বুটিঙৰ খেলবোৰ উত্তৰ পশ্চিম টকিঅ'ৰ চাইটামা প্ৰিফেকচাৰত অৱস্থিত আচাকা শ্বুটিং ৰেঞ্জ(Asaka Shooting Range)ত অনুষ্ঠিত হ'ব । সোমবাৰে শ্বুটাৰসকলে খেলৰ স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ।

Indian shooters
কোৱাৰেণ্টাইন অবিহনে টকিঅ'ত অনুশীলন আৰম্ভ কৰিব ভাৰতীয় শ্বুটাৰে
author img

By

Published : Jul 17, 2021, 9:33 PM IST

স্পৰ্টছ ডেস্ক, ১৭ জুলাই : টকিঅ'ত কোৱাৰেণ্টাইন অবিহনেই ভাৰতীয় শ্বুটাৰে অনুশীলন আৰম্ভ কৰিব পাৰিব । ক্ৰোৱেছিয়াৰ পৰা অহা খেলুৱৈসকলৰ বাবে ইতিমধ্যে গেমছ ভিলেজৰ কোঠাসমূহ আৱণ্টন দিয়া হৈছে । নেচনেল ৰাইফল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ (NRIA) সম্পাদক ৰাজীৱ ভাটিয়াই সংবাদমাধ্যমক এই কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, শ্বুটিঙৰ খেলবোৰ উত্তৰ পশ্চিম টকিঅ'ৰ চাইটামা প্ৰিফেকচাৰত অৱস্থিত আচাকা শ্বুটিং ৰেঞ্জ(Asaka Shooting Range)ত অনুষ্ঠিত হ'ব । এই স্থানতে ১৯৬৪ চনৰ অলিম্পিকত শ্বুটিঙৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । ভাটিয়াই কোৱা মতে, নাৰিতা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Narita international airport)ত উপস্থিত হোৱাৰ পাচতে সকলো ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে দলটোৱে সামাজিক দূৰত্ব বজাই ৰাখিছিল যাৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই খেলুৱৈৰ দলটো ৷ ইফালে সোমবাৰে শ্বুটাৰসকলে খেলৰ স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ।

ইউৰোপৰ পৰা দীঘলীয়া উৰণৰ পাচত সঠিক বিশ্ৰাম লোৱাৰ অন্তত দলটোৱে অনুশীলন আৰম্ভ কৰিব বুলিও উল্লেখ কৰে ভাটিয়াই । আনহাতে উদ্বোধনী অনুষ্ঠানৰ এদিন পাচতে শ্বুটিং ইভেণ্ট আৰম্ভ হ'ব আৰু মহামাৰীৰ বাবে দৰ্শকৰ অবিহনে অনুষ্ঠিত হ'বলগীয়া এক্সট্ৰাভেঞ্জাৰৰ বাবে প্ৰথম ১০ দিন সামৰি লোৱা হ'ব । ভাৰতৰ লগতে কৰ'ণা ভাইৰাছৰ দ্বাৰা প্ৰভাৱান্বিত আন কেইখনমান ৰাষ্ট্ৰৰ খেলুৱৈ আৰু সদস্যসকলে জাপানৰ ৰাজধানীত উপস্থিত হোৱাৰ পাচতে তিনিদিনীয়া বাধ্যতামূলক কোৱাৰেণ্টাইনত থকাৰ কথা আছে ।

উল্লেখ্য যে, ভাৰতীয় শ্বুটিং দলে বলকান দেশত ৮০ দিনীয়া দীঘলীয়া প্ৰতিযোগিতা তথা প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাচতে শুকুৰবাৰে জাগ্ৰেবৰ পৰা টকিঅ' অভিমুখে ৰাওনা হৈছিল । টকিঅ'লৈ যোৱাৰ পূৰ্বে ১৩ জনীয়া পিষ্টল আৰু ৰাইফলৰ দলটোত ইটালীত প্ৰশিক্ষণ লৈ থকা দুজন স্কীট শ্বুটাৰ মাইৰাজ আহমেদ খান আৰু অংগদ বীৰ সিঙে যোগ দিয়ে । টকিঅ' গেমছ(Tokyo Olympics)ত ভাৰতক ১৫ গৰাকী শ্বুটাৰে প্ৰতিনিধিত্ব কৰিব ।

ভাৰতীয় দলটোত প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ উপৰিও আঠটা ৰাইফল, পাঁচটা পিষ্টল আৰু দুটা স্কীট শ্বুটাৰ আছে । ইফালে ভাৰতীয় শ্বুটাৰসকলে ধাৰাবাহিকভাৱে ক্ৰীড়া ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । কৰ'ণা সংহাৰ আৰম্ভ হোৱাৰ পূৰ্বে ২০১৯ চনত চতুৰ্থ আইএছএছএফ বিশ্বকাপ(ISSF world cup)ত দলটোৱে তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল ।

লগতে পঢ়ক :টকিঅ' অলিম্পিক: গেমছ ভিলেজত প্ৰথমজন ক'ভিড ৰোগী চিনাক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.