বিশ্বনাথ, 23 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ পাপুম পমা জিলা তথা অসম অৰুণাচল সীমান্তৰ ৰামঘাটত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পাপুম পমা ৰিভাৰ ফেষ্টিভেল ৷ অন্য বছৰৰ দৰে এই বছৰো অৰুণাচলৰ পাপুম পমাৰ যুৱক-যুৱতীসকলে এই ফেষ্টিভেলৰ আয়োজন কৰিছে ।
23 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা এই ফেষ্টিভেলৰ শুভ উদ্বোধনী কৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ ক্ৰীড়া যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুয়ে । ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই ফেষ্টিভেল একমাত্ৰ অৰুণাচলৰ বাবে নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও ৷
আৰু পঢ়ক : ভাস্কৰ গগৈক উষ্ম আদৰণি আমগুৰিবাসীৰ