ETV Bharat / sports

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ? - ৰাষ্ট্ৰীয় খেল প্ৰোতসাহন পুৰস্কাৰ

এইবাৰ ১২ গৰাকী খেলুৱৈক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা আৰু ৩৫ গৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব অৰ্জুন বঁটা । ১৩ নৱেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটাসমূহ ।

Arjuna awardees
ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা
author img

By

Published : Nov 3, 2021, 10:31 AM IST

স্পৰ্টছ ডেস্ক,৩ নৱেম্বৰ : যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে মঙলবাৰে ঘোষণা কৰে এইবছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ নাম । খেল ৰত্ন বঁটা বিজয়ীসকলৰ ভিতৰত আছে অলিম্পিয়ান নীৰজ চোপ্ৰা, লাভলিনা বৰগোহাঁই আৰু ৰবি দাহিয়া । ৩৫ গৰাকী অৰ্জুন বঁটা বিজয়ীৰ ভিতৰত বেছিভাগে পেৰালিম্পিক পদক বিজয়ীৰ লগতে ক্ৰিকেটাৰ শিখৰ ধাৱান আৰু মিতালী ৰাজো আছে এই তালিকাত ।

ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰা মতে বঁটা বিজয়ীসকলক ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ এক বিশেষ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটাসমূহ । অলিম্পিকত ব্ৰঞ্জ বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বিজয়ীসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় । প্ৰথমে মনপ্ৰীতক অৰ্জুন বঁটাৰ বাবে পৰামৰ্শ দিয়া হৈছিল কিন্তু তেওঁক সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ বাবে বঁটা বিজয়ীৰ তালিকাত দ্বিতীয় হকী খেলুৱৈ হিচাপে অভিজ্ঞ গ'লৰক্ষক পি আৰ শ্ৰীজেশৰ সৈতে অন্তৰ্ভুক্ত কৰা হয় ।

উল্লেখ্য যে, বিগত বছৰত ক'ভিড মহামাৰীৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো অনলাইন অনুষ্ঠিত হৈছিল । ইফালে চাৰি বছৰত এগৰাকী খেলুৱৈৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি খেল ৰত্ন বঁটা প্ৰদান কৰা হয় । অভূতপূৰ্ব অলিম্পিক আৰু পেৰালিম্পিক প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত, এই বছৰ বঁটা প্ৰাপ্ত সকলৰ সংখ্যা অধিক হ'ব বুলি আশা কৰা হৈছিল । ভাৰতে অলিম্পিকত সাতটা পদক লাভ কৰিছিল আৰু পেৰালিম্পিকত পাঁচটা সোণ, আঠটা ৰূপ আৰু ছয়টা ব্ৰঞ্জৰ পদকসহ ১৯ টা পদক অৰ্জন কৰিছিল ।

দ্ৰোণাচাৰ্য বঁটাৰ বাবে মুঠ ১০ গৰাকী প্ৰশিক্ষক বাছনি কৰা হৈছিল । লাইফ টাইম এছিভমেন্ট শাখাত টি পি ওচেফ (এথলেটিকছ), চৰকাৰ তলৱাৰ (ক্ৰিকেট), সৰপাল সিং (হকী), অচন কুমাৰ (কাবাডী) আৰু তপন কুমাৰ পানীগ্ৰাহীক (সাঁতোৰ) এই সন্মানৰ বাবে বাছনি কৰা হৈছিল । নিয়মীয়া দ্ৰোণাচাৰ্য শ্ৰেণীৰ বিজয়ীসকল হৈছে ৰাধাকৃষ্ণণ নায়াৰ পি (এথলেটিকছ), সন্ধ্যা গুৰুং (বক্সিং), প্ৰীতম চিৱাচ (হকী), জয় প্ৰকাশ নৌটিয়াল (পেৰা শ্বুটিং) আৰু সুব্ৰমনিয়াম ৰমন (টেবুল টেনিছ)।

সন্ধ্যা গুৰুং ৰাষ্ট্ৰীয় শিবিৰত সহকাৰী প্ৰশিক্ষক হোৱাৰ উপৰিও অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ ব্যক্তিগত প্ৰশিক্ষক । তেওঁ অৰ্জুন বঁটা লাভ কৰাৰ মাত্ৰ এবছৰ পিছতে খেল ৰত্ন লাভ কৰিব । ইফালে জীৱনজোৰা কৃতিত্বৰ বাবে ধ্যান চান্দ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ক্ৰমে সজ্জন সিং (কুস্তি), প্ৰাক্তন বিশ্ব আৰু এছিয়ান চেম্পিয়ন বক্সাৰ লেখা কে.চি, অভিজিত কুন্তে (দবা), দাবিন্দৰ সিং গাৰ্চা (হকী) আৰু বিকাশ কুমাৰ (কাবাডী) । এই বছৰৰ বঁটা বাছনি সমিতিৰ নেতৃত্বত আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মুকুন্দকাম শৰ্মা আৰু তিনিবাৰৰ পেৰালিম্পিক পদক বিজয়ী জেভেলিন থ্ৰ'য়াৰ দেৱেন্দ্ৰ ঝাঝাৰিয়া, প্ৰাক্তন ক্ৰিকেটাৰ ভেঙ্কটেশ প্ৰসাদ আৰু প্ৰাক্তন বিশ্ব চেম্পিয়ন বক্সাৰ এল সৰিতা দেৱী ।

মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বিজয়ীসকল : নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ (কুস্তি), লাভলিনা বৰগোহাঁই (বক্সিং), পি আৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)।

অৰ্জুন বঁটা বিজয়ীসকল : অৰপিন্দৰ সিং (এথলেটিকছ), চিমৰণজিৎ কৌৰ (বক্সিং), শিখৰ ধাৱান (ক্ৰিকেট), চি এ ভৱানী দেৱী (ফেন্সিং), মনিকা (হকী), বন্দনা কাটাৰিয়া (হকী), সন্দীপ নৰৱাল (কাবাডী), হিমানী উত্তম পৰব (মালাখাম্ব), অভিষেক বাৰ্মা (শ্বুটিং), অংকিতা ৰাইনা (টেনিছ), দীপক পুনিয়া (কুস্তি), দিলপ্ৰীত সিং (হকী), হৰমন প্ৰীত সিং (হকী), ৰূপিন্দৰ পাল সিং (হকী), সুৰেন্দ্ৰ কুমাৰ (হকী), অমিত ৰোহিদাস (হকী), বীৰেন্দ্ৰ লাক্ৰা (হকী), সুমিত (হকী), নীলকান্ত শৰ্মা (হকী), হাৰ্দিক সিং (হকী), বিবেক সাগৰ প্ৰসাদ (হকী), গুৰজন্ত সিং (হকী), মনদীপ সিং (হকী), শমছেৰ সিং (হকী), ললিত কুমাৰ উপাধ্যায় (হকী), বৰুণ কুমাৰ (হকী), চিমৰণজিৎ সিং (হকী), যোগেশ কাথুনিয়া (পেৰা এথলেটিকছ) নিশাদ কুমাৰ (পেৰা এথলেটিকছ), প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ), সুহাশ যথিৰাজ (পেৰা বেডমিণ্টন) সিংৰাজ আধানা (পেৰা শ্বুটিং), ভবিনা পেটেল (পেৰা টেবল টেনিছ), হৰবিন্দৰ সিং (পেৰা আৰ্চাৰী) আৰু শৰদ কুমাৰ (পেৰা এথলেটিকছ)।

ৰাষ্ট্ৰীয় খেল প্ৰোতসাহন পুৰস্কাৰ : কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে ক্ৰীড়াক উৎসাহিত কৰাৰ বাবে মানৱ ৰচনা শিক্ষা প্ৰতিষ্ঠান আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড ।

মৌলানা আবুল কালাম আজাদ (MAKA) ট্ৰফী : পাঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডিগড়

লগতে পঢ়ক :ভাৰত বনাম নিউজিলেণ্ড T20I : ভাৰতীয় দলক নেতৃত্ব দিব পাৰে কে এল ৰাহুলে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.