ETV Bharat / sports

ডাইমণ্ড লীগ ট্ৰফী বিজয়ী প্ৰথমজন ভাৰতীয় খেলুৱৈ নীৰজ - ডাইমণ্ড লীগ ট্ৰফী

পুনৰ এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই (Olympic gold medallist Neeraj Chopra)৷ জুৰিখত অনুষ্ঠিত ঐতিহাসিক ডাইমণ্ড লীগ ট্ৰফীত খেলুৱৈজনে ডাইমণ্ড লীগ ট্ৰফী দখল কৰিবলৈ সক্ষম হয় ৷

clinched Diamond League Trophy
নীৰজৰ অন্য এক অভিলেখ
author img

By

Published : Sep 9, 2022, 8:41 AM IST

Updated : Sep 9, 2022, 2:29 PM IST

স্পৰ্টছ ডেস্ক,9 ছেপ্টেম্বৰ: অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই (India's Olympic gold medallist Neeraj Chopra)ঐতিহাসিক ডাইমণ্ড লীগ ট্ৰফী দখল কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় । নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে জুৰিখত অনুষ্ঠিত ঐতিহাসিক ডাইমণ্ড লীগ ট্ৰফী দখল কৰি প্ৰথমজন ডাইমণ্ড লীগ ট্ৰফী বিজয়ী ভাৰতীয় হিচাপে পৰিগণিত হয়(Neeraj Chopra clinched Diamond League Trophy) ।

জেভলিন খেলুৱৈজনে ফাউল থ্ৰ’ৰে খেলৰ আৰম্ভণি কৰে যদিও দ্বিতীয় প্ৰচেষ্টাত জেভলিনডাল ৮৮.৪৪ মিটাৰ নিক্ষেপ কৰিবলৈ সক্ষম হয় আৰু এই দূৰত্বই প্ৰতিযোগিতাখনত নীৰজৰ বিজয় নিশ্চিত কৰি তোলে ।

টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে তৃতীয়বাৰৰ প্ৰচেষ্টাত ৮৮ মিটাৰ আৰু চতুৰ্থ প্ৰচেষ্টাত ৮৬.১১ মিটাৰ পৰ্যন্তলৈকে জেভলিনডাল দলিয়ায় । তেওঁৰ পঞ্চম প্ৰচেষ্টা ৮৭ মিটাৰৰ বিপৰীতে শেষ প্ৰচেষ্টা ৮৩.৬ মিটাৰ । অলিম্পিক ৰূপৰ পদক বিজয়ী চেক গণৰাজ্যৰ জাকুব ভাডলেজে ৮৬.৯৪ মিটাৰ বেষ্ট থ্ৰ’ৰে প্ৰতিযোগিতাখনিত দ্বিতীয় স্থান দখল কৰে ।

ইয়াৰ পূৰ্বে আঘাতৰ বাবে খেলাৰ পৰা বিৰত থকা চোপ্ৰাই ডাইমণ্ড লীগ ছিৰিজৰ ল’জান লেগত জয়ী হৈ দুদিনীয়া ফাইনেললৈ যোগ্যতা অৰ্জনেৰে নিজৰ এক দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাইছিল । জুলাই মাহত আমেৰিকাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী প্ৰদৰ্শনৰ সময়ছোৱাত গ্ৰাইনত হোৱা সামান্য আঘাতৰ বাবে ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছত নীৰজে অংশ ল’ব পৰা নাছিল(Birmingham Commonwealth Games neeraj chopra ) । সুষ্ঠ হোৱাৰ পিছতে খেলুৱৈগৰাকীয়ে ২৬ জুলাইত ল’জানত অনুষ্ঠিত খেলত নিজৰ সুকীয়া শৈলীৰে 89.08 মিটাৰ জেভলিন দলিয়াই জয়লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: দহ কোটি টকাত নিলাম হ’ল লাভলীনাৰ বক্সিং গ্ল’ভছ

Last Updated : Sep 9, 2022, 2:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.