ETV Bharat / sports

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত মেৰী কম

কলম্বিয়াৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমৰ ৷

author img

By

Published : Oct 10, 2019, 12:18 PM IST

Mary kom enters semis of the world womens boxing championships beats reigning olympic medalist ingrit valencia

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰঃ ৰাছিয়াত অনুষ্ঠিত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ মণিপুৰৰ বক্সাৰ তথা ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমৰ ৷ বৃহস্পতিবাৰে কোৱাৰ্টাৰ ফাইনেলত কলোম্বিয়াৰ প্ৰতিদ্বন্দী ইংগ্ৰিট ভালেনচিয়াক (Ingirt Valencia) ক 5-0 ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় মণিপুৰৰ বক্সাৰগৰাকী ৷

ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে-লগে পদক নিশ্চিত হৈছে খেলুৱৈগৰাকীৰ ৷ 51 কিলোগ্ৰামত মেৰী কমৰ বিশ্ব চেম্পিয়নশ্বিপৰ এইটো হৈছে প্ৰথমটো পদক ৷ অৱশ্যে এই শাখাত 2014 চনৰ এছিয়ান গেম্ছত স্বৰ্ণ আৰু 2018 চনৰ এছিয়ান গেম্ছ আৰু 2012 চনৰ লণ্ডন অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মেৰী কমে ৷ এতিয়া কেৱল সপ্তমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ পৰা দুখোঁজ দূৰত আছে মেৰী কম ৷ বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমৰ এইটো হৈছে অষ্টমটো পদক ৷ মঙলবাৰে থাইলেণ্ডৰ প্ৰতিদ্বন্দী জুাতমাছ জিতপ’ঙ (Jutamas Jitpong) ক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷

ETV SPORTS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.