ETV Bharat / sports

ইউৰোপীয়ান ভ্ৰমণৰ পূৰ্বে ক'ভিডত আক্ৰান্ত লাভলীনা বৰগোঁহাই

author img

By

Published : Oct 16, 2020, 1:06 PM IST

ক'ভিড-19 ত আক্ৰান্ত হ'ল লাভলীনা বৰগোঁহাই ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে প্ৰদান কৰে এই তথ্য় ৷

ভাৰতীয় ক্ৰীড়া পৰিষদ
ইউৰোপীয়ান ভ্ৰমণৰ পূৰ্বে ক'ভিডত আক্ৰান্ত লাভলীনা বৰগোঁহাই

স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ : ক'ভিড-19 ত আক্ৰান্ত হৈছে অসমৰ সুযোগ্য সন্তান তথা ভাৰতীয় বক্সাৰ লাভলিনা বৰগোঁহাই ৷ বৃহস্পতিবাৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এক বিবৃতিত প্ৰকাশ কৰে এই তথ্য ৷ বিশ্ব চেম্পিয়নশ্বিপৰ দুবাৰৰ ব্ৰঞ্জ মেডেলিষ্ট লাভলীনা বৰগোঁহাই হৈছে 15 অক্টোবৰৰ পৰা 5 ডিচেম্বৰলৈ 52 দিনৰ বাবে ইটালী আৰু ফ্ৰান্স উৰা মাৰিব লগা 16 জনীয়া বক্সাৰ দলৰ অন্যতম সদস্য ৷

উল্লেখ্য যে, ইউৰোপীয়ান ভ্ৰমণৰ পূৰ্বে ৰুগীয়া মাতৃক সাক্ষাৎ কৰিবলৈ অসম ভ্ৰমণ কৰিছিল লাভলীনাই ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে কয়, "11 অক্টোবৰত তেওঁৰ ক'ভিড প্ৰট'কল অনুসৰি পৰীক্ষণ কৰা হৈছিল আৰু প্ৰথম অৱস্থাত নিগেটিভ আহিছিল ৷ 15 অক্টোবৰৰ দিনা পুনৰ পৰীক্ষা কৰাত তেওঁ পজিটিভ বুলি ঘোষণা কৰা হয় ৷"

প্ৰাধিকৰণে লগতে জানিবলৈ দিয়ে যে, 23 বৰ্ষীয় বক্সাৰগৰাকী গুৱাহাটীৰ পৰা উভতাৰ পাচৰে পৰা আইশ্বলেশ্যনত আছে আৰু চিকিৎসা গ্ৰহণ কৰি আছে ৷

লগতে পঢ়ক : বিশেষ চিকিৎসা বিমানেৰে জুভেন্টাছলৈ উভতিল ৰ'নাল্ডো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.