নিউজ ডেস্ক, 2 আগষ্ট: বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছত উজলিল অসম কন্যা নয়নমণি শইকীয়া (Commonwealth Games 2022) ৷ লনবলছ প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিলে ভাৰতীয় মহিলা দলে (India women lawn bowls team at CWG) ৷ এই দলটোত আছিল অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ জীয়ৰী নয়নমণি (Assam girl Nayanmoni Saikia won gold in CWG 22) ৷
ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰি লনবলছ মহিলা ফ’ৰত ভাৰতে ঐতিহাসিক সোণৰ পদক আঁজুৰি আনিছে । ভাৰতীয় মহিলা দলটোত আছিল লাভলী চৌবে, ৰূপা ৰাণী তিৰ্কী, পিংকি আৰু নয়নমনি শইকীয়া ৷ এই ক্ৰীড়াত সোণৰ পদক লাভ কৰা কমনৱেল্থ গেমছৰ ইতিহাসত প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে দলটো ।
বৰ্তমানলৈকে ভাৰতে লাভ কৰা সোণৰ পদকৰ ভিতৰত ব্যক্তিগতভাৱে দুটা স্বৰ্ণজয় কৰিছে উত্তৰ-পূৱৰ খেলুৱৈয়ে ৷ দলীয়ভাৱে আন এটা স্বৰ্ণ জয় কৰি গৌৰৱ কঢ়িয়ালে অসমৰ নয়নমণিয়ে ৷
ভাৰোত্তোলনত ৪৯ কেজি শাখাত মণিপুৰৰ মীৰাবাঈ চানুৱে সোণৰ পদক লাভ কৰে (Mirabai Chanu clinches gold medal in CWG 2022) ৷ তাৰ পাচতেই মিজোৰামৰ ভাৰোত্তোলক জেৰেমি লালৰিনুংগাই পুৰুষৰ ৬৭ কিলোগ্ৰাম ভাৰোত্তোলনত ভাৰতৰ হৈ দ্বিতীয়টো স্বৰ্ণ জয় কৰি ভাৰতৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও সুনাম কঢ়িয়াই আনে (Mizoram Player Jeremy Lalrinnunga win gold at CWG 2022)।
লগতে পঢ়ক : North East Player win gold at CWG 2022 : মীৰাবাঈৰ পাছত উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়ালে জেৰেমি লালৰিনুঙ্গাই