ETV Bharat / sports

ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেণ্ট : ছেমি ফাইনেলত মেৰী কম - নেপালৰ মালা ৰায়ক ৫ - ০ ত পৰাস্ত

গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেণ্টৰ দ্বিতীয় দিনা ভাৰতৰ মহিলা বক্সাৰ মেৰী কমে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ নক্ আউট ৰাউণ্ডত মেৰী কমে ৫১ কেজি শাখাত নেপালৰ মালা ৰায়ক ৫ - ০ ৰ ব্যৱধানত পৰাজিত কৰে ৷

ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেণ্ট : ছেমি ফাইনেলত মেৰী কম
author img

By

Published : May 21, 2019, 11:01 PM IST

গুৱাহাটী, 21 মে': গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেণ্টৰ দ্বিতীয় দিনাৰ খেলত ভাৰতৰ মহিলা বক্সিং খেলুৱৈ মেৰী কমে দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ নক্ আউট ৰাউণ্ডত মেৰী কমে ৫১ কেজি শাখাত নেপালৰ মালা ৰায়ক ৫ - ০ ৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ সবাতোকৈ সফল মহিলা বক্সিং খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত ভিৰ কৰে বহুসংখ্যক দৰ্শকে ৷

ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেণ্ট : ছেমি ফাইনেলত মেৰী কম

উল্লেখ্য যে, মহানগৰীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত চলি থকা দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট খনৰ উদ্ধোধনী কৰে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই । উক্ত টুৰ্ণামেন্টত মেৰী কমৰ লগতে পূজা ৰাণী, ভাগৱতী কাচন, মানিশা মৌন আৰু চিমৰণজিৎ কৌৰৰ দৰে আগশাৰীৰ খেলুৱৈয়েও অংশগ্ৰহণ কৰিছে ।

ইণ্ডিয়া অপেন বক্সিঙ টুৰ্ণামেণ্টৰ চেমি ফাইনেলত প্ৰৱেশ মেৰী ক'মৰ

গুৱাহাটীত চলি থকা দ্বিতীয় ইণ্ডিয়া অপেন বক্সিঙ টুৰ্ণামেণ্টৰ আজি দ্বিতীয় দিনৰ খেলত নিজৰ প্ৰথমখন মেচত ভাৰতৰ প্ৰসিদ্ধ মহিলা বক্সিঙ খেলুৱৈ এম চি মেৰী ক'মে নিজৰ দুৰ্দন্ত প্ৰদৰ্শন দেখুৱায়। মেৰী ক'মে ৫১ কেজি বেনতাম ৱেইট শাখাৰ নক আউৎ খেলখনত নেপালৰ মালা ৰায়ক ৫-০ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতা খনৰ চেমি ফাইনেলত প্ৰৱেশ কৰে। 
 
ভাৰতৰ সবাতোকৈ সফল মহিলা বক্সিঙ খেলুৱৈ গৰাকীৰ খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত বহু সংখ্যক দৰ্শক ভিৰ কৰা পৰিলক্ষিত হয়। 

মহানগৰীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত চলি থকা ২য় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিঙ টুৰ্ণামেন্ট ২০ তাৰিখে উদ্ধোধন কৰে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। 

উক্ত টুৰ্ণামেন্টখনত লণ্ডন অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট মেৰী ক'মৰ লগতে এছিয়ান চেমিয়নশ্বিপ পূজা ৰাণী, ভাগৱতী কাচন, মানিশা মৌন আৰু চিমৰণজিৎ কৌৰে অংশগ্ৰহণ কৰিছে।

বাইট : মেৰী ক'ম

Slug: Mary Kom Boxing 

Feed : Live U
Script : Mail
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.