ETV Bharat / sports

IndvsAus 2nd ODI : দ্বিতীয় এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 99 ৰাণত জয়লাভেৰে শৃংখলা দখল ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:12 PM IST

Updated : Sep 24, 2023, 10:44 PM IST

ইন্দোৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে 99 ৰাণত জয়লাভ কৰি শৃংখলা দখল কৰে ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অষ্ট্ৰেলিয়াই ৷

IND vs AUS 2nd ODI
ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া শৃংখলা

স্পৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰ : দেওবাৰে ইন্দোৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে অষ্ট্ৰেলিয়াক 99 ৰাণত পৰাস্ত কৰে ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অষ্ট্ৰেলিয়াই ৷ বৰ্ষাবিঘ্নিত খেলখনৰ দ্বীতিয় ইনিংছ 33 অভাৰলৈ হ্ৰাস কৰা হয় ৷

নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে শুভমন গীল আৰু শ্ৰেয়াস আয়াৰৰ বেটিং বিক্ৰমৰ সহায়ত 5 উইকেটৰ বিনিময়ত 399 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দুৰ্দান্ত বেটিঙেৰে শুভমন গীলে 97 টা বলত 104 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আৰু শ্ৰেয়াস আয়াৰে 90 টা বলত 105 ৰাণ সংগ্ৰহ কৰে ৷ 6টা 4 আৰু 4টা ছয়ৰে শুভমন গীলে নিজৰ শতক বনোৱাৰ বিপৰীতে 11টা 4 আৰু 3টা ছয়ৰে নিজৰ শতক বনায় শ্ৰেয়াস আয়াৰে ৷

ইয়াৰ পাছতেই সূৰ্যকুমাৰ যাদৱে অষ্ট্ৰেলিয়াৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি 37 টা বলত সংগ্ৰহ কৰে অপৰাজিত 72 ৰাণ ৷ 6 টা ছয় আৰু 6টা চাৰিৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই সূৰ্যকুমাৰ যাদৱে ৷ এটা অভাৰত 4 টাকৈ 6ৰে কিৱি বাহিনীক দিশহাৰা কৰি তোলে সূৰ্যকুমাৰ যাদৱে ৷ অধিনায়ক কে এল ৰাহুলে 38টা বলত 52 ৰাণ সংগ্ৰহ কৰি কেমেৰুণ গ্ৰীণৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ ঋতুৰাজ গাইকোৱাডে 12 টা বলত 8 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ইশাণ কিষণে 18 টা বলত সংগ্ৰহ কৰে 31 ৰাণ ৷ ৰবীন্দ্ৰ জাডেজাই 9টা বলত 13 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

অষ্ট্ৰেলিয়াৰ হৈ জ’ছ হেজেলউডে 10 অভাৰত 62 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰাৰ বিপৰীতে, ছীন এবটে 10 অবাৰত 91 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰে ৷ কেমেৰুণ গ্ৰীণে 10 অবাৰত 103 ৰাণ খৰছ কৰি 2টা উইকেট দখল কৰে ৷ আডাম জম্পাই 10 অভাৰত 67 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰে ৷

ইফালে 400 ৰাণৰ বিজয় আগত লৈ অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমেই শলঠেকত পৰে ৷ ডেভিড ৱাৰ্ণাৰ আৰু ছীন এবটে চেষ্টা কৰিছিল যদিও শেষ ৰক্ষা নহ’ল অষ্ট্ৰেলিয়াৰ ৷ ডেভিড ৱাৰ্ণাৰে 39 টা বলত 53 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ছীন এবটে 36 টা বলত 54 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতীয় বলাৰৰ তীক্ষ্ন বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 28.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 217 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়া ৷

ভাৰতৰ হৈ অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাই 3 টাকৈ উইকেট দখল কৰে ৷ প্ৰসিদ্ধ কৃষ্ণই 2 টা আৰু মহম্মদ শ্বামীয়ে 1 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে আজিৰ মেচত শুভমন গীল আৰু শ্ৰেয়াস আয়াৰে বিস্ফোৰক বেটিঙেৰে শতৰাণ সংগ্ৰহ কৰে ৷ এদিনীয়া বিশ্বকাপৰ পূৰ্বে এই শৃংখলা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক : Asian Games 2023 : এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

Last Updated : Sep 24, 2023, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.