স্পৰ্টছ ডেস্ক,৫ ডিচেম্বৰ : কাটাৰত অনুষ্ঠিত হৈছে ২২ সংখ্যক ফিফা বিশ্বকাপ ফুটবল । ইতিমধ্যে প্ৰতিযোগিতাৰ নকআউট খেলবোৰো আৰম্ভ হৈছে । ৩২ টা দলৰ ভিতৰত ১৬ টা দল নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিছে । ইয়াৰে বিজয়ীসকলে ফাইনেল-৮ত প্ৰৱেশ কৰিব ।
ইফালে বিশ্বকাপত ফ্ৰান্সৰ কেলিয়ান এমবাপে (Kylian Mbappé) চৰ্চাত আছে । প্ৰতিযোগিতাখনত এতিয়ালৈ মুঠ ৫ টা গ'ল কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকী । যাৰবাবে তেওঁ গোল্ডেন বুটৰ দৌৰত আগবাঢ়ি আছে (Kylian Mbappe leads Golden Boot Race)। একে সময়তে, ৫ গৰাকী খেলুৱৈয়ে প্ৰত্যেকে ৩ টা গ'ল কৰিছে ।
-
Out on his own 🔵#FIFAWorldCup | #Qatar2022
— FIFA World Cup (@FIFAWorldCup) December 4, 2022 " class="align-text-top noRightClick twitterSection" data="
">Out on his own 🔵#FIFAWorldCup | #Qatar2022
— FIFA World Cup (@FIFAWorldCup) December 4, 2022Out on his own 🔵#FIFAWorldCup | #Qatar2022
— FIFA World Cup (@FIFAWorldCup) December 4, 2022
তিনিটা গ'ল কৰা খেলুৱৈসকল (3 goal scorers in Qatar World Cup 2022)
মাৰ্কাছ ৰাশফ'ৰ্ড - ইংলেণ্ড
লিঅ'নেল মেছি - আৰ্জেণ্টিনা
কোডি গেকপো - হোলেণ্ড
এনাৰ ভেলেন্সিয়া - ইকুৱেডৰ
আলভাৰো মোৰাটো - স্পেইন
দুটাকৈ গ'ল কৰা খেলুৱৈসকল (2 goal scorers in Qatar World Cup 2022)
অলিভাৰ গিৰোড - ফ্ৰান্স
ফেৰণ টৰেছ - স্পেইন
বুকায়ো চাকা - ইংলেণ্ড
মেহদী তৰেমি - ইৰাণ
আন্দ্ৰেজ ক্ৰামৰিক - ক্ৰোৱেছিয়া
ৰিচাৰ্ডচন - ব্ৰাজিল
চো গুয়ে-চুং - দক্ষিণ কোৰিয়া
মহম্মদ কুদ্দুছ - ঘানা
ৰিৎচু দোন - জাপান
ব্ৰুনো ফাৰ্ণাণ্ডেজ - পৰ্তুগাল
নিক'লাছ ফুলক্ৰুগ - জাৰ্মানী
কাই হাৱাৰ্টজ - জাৰ্মানী
আলেক্সাণ্ডাৰ মিট্ৰোভিক - ছাৰ্বিয়া
ব্ৰিল আম্বোলো - চুইজাৰলেণ্ড
জৰ্জিয়ান ডি আৰাস্কাইটা - উৰুগুৱে
ভিনচেণ্ট আবুবকৰ - কেমেৰুণ
গোল্ডেন বুট বঁটা কি ?
প্ৰতিযোগিতাখনত সৰ্বাধিক গ'ল কৰা খেলুৱৈজনক গোল্ডেন বুট বঁটা প্ৰদান কৰা হয় । আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে ৬ বাৰকৈ এই বঁটা লাভ কৰিছে । মেছিয়ে এতিয়ালৈকে তিনিটা গ'ল কৰিছে । ২০১৮ চনত, ইংলেণ্ডৰ হেৰী কেনে এই বঁটা লাভ কৰিছিল । তেওঁ মুঠ ৬ টা গ'ল কৰিছিল ।
লগতে পঢ়ক :FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড-ফ্ৰান্স