ETV Bharat / sports

FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড-ফ্ৰান্স - ফিফা বিশ্বকাপ

ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত অহা দেওবাৰে মুখামুখি হ’ব ইংলেণ্ড আৰু ফ্ৰান্স (FIFA World Cup quarter final)৷ নিশা 12.30 মিনিটত দুয়োটা দলৰ মাজত হ’ব এই খেলখন ৷

FIFA World Cup 2022
FIFA World Cup 2022
author img

By

Published : Dec 5, 2022, 9:46 AM IST

নিউজ ডেস্ক, 5 ডিচেম্বৰ: কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ফুটবলৰ (FIFA World Cup 2022) কালি গ্ৰুপ 16 পৰ্যায়ৰ এখন খেলত ইংলেণ্ডে ছেনেগালক 3-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে (England vs Senegal match update)৷ ইংলেণ্ডে শোধোৱাৰ তিনিটা গ’লৰ ভিতৰত অন্যতম আছিল দলটোৰ অধিনায়ক হেৰী কেনৰ গ’লটো ৷ এইটো হৈছে 2022 ফিফা বিশ্বকাপত তেওঁৰ প্ৰথম গ’ল ৷ 2018 চনৰ ৰাছিয়া ফিফা বিশ্বকাপত 6 টা গ’ল কৰিছিল কেনে ৷

কালিৰ খেলখনত ইংলেণ্ডৰ হৈ জৰ্ডান হেণ্ডাৰচনে 38 মিনিটত প্ৰথমটো গ’ল কৰে ৷ প্ৰথমাৰ্ধৰ অতিৰিক্ত 3 মিনিটত (45+3) দ্বিতীয়টো গ’ল কৰে হেৰী কেনে ৷ আনহাতে, বুকায়’ চাকাই 57 মিনিটত ইংলেণ্ডৰ হৈ তৃতীয়টো গ’ল কৰে ৷

গ্ৰুপ 16 ৰ আন এখন খেলত কালি ফ্ৰান্সে 3-1 গ’লত পৰাস্ত কৰে পোলেণ্ডক (France vs Poland match update) ৷ এই জয়েৰে কাটাৰ ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে (World Cup 2022 matches) ৷ ফ্ৰান্সৰ হৈ খেলৰ 44 মিনিটত প্ৰথমটো গ’ল দিয়ে অলিভাৰ গিৰৌডে ৷ দ্বিতীয়াৰ্ধত 74 মিনিটত এটা আৰু অতিৰিক্ত সময়ত 91 মিনিটত আন এটা গ’ল কৰি কিলিয়ান মাপ্পে ফ্ৰান্সৰ গ’ল সংখ্যা 3 লৈ বৃদ্ধি কৰে ৷ খেলৰ অতিৰিক্ত সময়ত 99 মিনিটত পোলেণ্ডৰ ৰবাৰ্ট লেৱানড’স্কিয়ে এটা গ’ল পৰিশোধ কৰে ৷

কোৱাৰ্টাৰ ফাইনেলত অহা দেওবাৰে মুখামুখি হ’ব ইংলেণ্ড আৰু ফ্ৰান্স ৷ নিশা 12.30 মিনিটত দুয়োটা দলৰ মাজত হ’ব এই খেলখন ৷

আজিৰ খেল:

নিশা 8.30 বজাত: জাপান বনাম ক্ৰ’ৱেচিয়া

নিশা 12.30 বজাত : ব্ৰাজিল বনাম দক্ষিণ কোৰিয়া

লগতে পঢ়ক: FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা-নেডাৰলেণ্ডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.